আমেৰিকাত ৰচনা হৈছিল ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ
আমেৰিকাত ৰচনা হৈছিল ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ  
মুখ্য-পৃষ্ঠা

আমেৰিকাত ৰচনা হৈছিল ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অভিনেতা ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ আমেৰিকাত ৰচনা কৰা হৈছিল। অভিযুক্তক ভাৰ্চুৱেল নম্বৰৰ পৰা ঘটনা সংঘটিত কৰাৰ আদেশ দিছিল। ৰোহিত গোডাৰাৰ নিৰ্দেশমতে গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰা হৈছিল। সম্প্ৰতি ৫ খন ৰাজ্য মহাৰাষ্ট্ৰ,দিল্লী, ৰাজস্থান,হাৰিয়ানা আৰু পঞ্জাৱৰ আৰক্ষী অভিযুক্তৰ সন্ধানত ব্যস্ত।

সূত্ৰ অনুসৰি প্ৰায় এমাহ ধৰি ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ পৰিকল্পনা কৰা হৈছিল। যাৰ বাবে আমেৰিকাত থকা আনমোল বিষ্ণোয়ে ছুটাৰ বাছনিৰ দায়িত্ব আমেৰিকাতে বাস কৰা ৰোহিত গোদাৰাৰ হাতত অৰ্পণ কৰিছিল।

আনহাতে, গুলিবৰ্ষণ ঘটনাত জৰিত দুচকীয়া বাহনখন অভিযুক্তই ৰায়গড় অঞ্চলৰ পৰা ক্ৰয় কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পইছে। ঘটনাত ব্য়ৱহৃত বাইকখনৰ পঞ্জীয়ন মহাৰাষ্ট্ৰৰ অন্তৰ্গত পানভেল জিলাৰ। ঘটনা সংঘটিত কৰা পূৰ্বে অভিযুক্তই পানভেলস্থিত ৰায়গড়লৈ গৈ এজন ডিলাৰৰ পৰা পুৰণি বাইকখন ক্ৰয় কৰিছিল। আৰক্ষীয়ে বাইকখনৰ পুৰণি স্বত্বাধিকাৰ আৰু বাইকখন ক্ৰয় কৰাত সহায় কৰা লোকক সোধ-পোছ আৰম্ভ কৰিছে।

আৰক্ষীৰ তথ্য়ত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্তই ঘটনা সংঘটিত কৰা পাছতে মুম্বাই চহৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল। অন্য়হাতে উক্ত ঘটনাৰ দায়িত্ব লোৱা ফেচবুক পেজটোৰ IPকানাডাৰ বুলি জানিব পৰা গৈছে। অনমোল বিষ্ণোই নামৰ এটা ফেচবুক পেজে উক্ত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই পোষ্টটো শ্বেয়াৰ কৰা সংক্ৰান্তত VPNৰ সহায় লোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে মুম্বাই ক্ৰাইম ব্ৰান্সক দিয়া হৈছে। উল্লেখ্য় যে,দেওবাৰে পুৱা অভিনেতাজনৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা হৈছিল।