সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং
সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং  
মুখ্য-পৃষ্ঠা

সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা হ'ব নে নহয়? উচ্চতম ন্যায়ালয়ে ক'লে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত স্পেচিয়েল মেৰিজ এক্টৰ অধীনত সমকামী বিবাহক লৈ বিশেষ শুনানি হয়। সমকামী বিবাহ স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভূক্ত কৰিব পাৰিনে নেৱোৰি তাক লৈ কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি উত্তৰ বিচাৰিছে।

ইয়াৰ লগতে, এটৰ্নি জেনেৰেললৈও এখন জাননীও প্ৰেৰণ কৰি চাৰি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে। তাৰ পাছত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল'ব যে সমকামী বিবাহ বৈধ হিচাপে মানি লব পাৰি নে নোৱাৰি।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে এক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, সমকামী যুৱক এহালে স্পেচিয়েল মেৰিজ এক্টত সমকামী বিবাহ অন্তৰ্ভুক্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আৱেদনকাৰী হায়দৰাবাদৰ সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং প্ৰায় ১০ বছৰ ধৰি একেলগে আছে।তেওঁলোকৰ এই সম্পৰ্কটো পৰিয়ালেও সমৰ্থন কৰে। আবেদনকাৰী সকলে দাবী কৰিছে যে স্পেচিয়েল মেৰিজ এক্ট ভাৰতৰ সংবিধানৰ বিপৰীত । এই আইনে সমকামী দম্পতী আৰু বিপৰীত লিংগৰ দম্পতীৰ মাজত বৈষম্য কৰে। এই আইনত সমকামী দম্পতী সকলক আইনী অধিকাৰৰ লগতে সামাজিক স্বীকৃতি আৰু স্থিতিৰ পৰা বঞ্চিত কৰে।

আন এহাল সমকামী দম্পতীয়েও উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছে। ই এল জি টি বি কিউ(LGBTQ)ৰ সকলো সদস্যৰ স্বীকৃতি বিচাৰিছে। পাৰ্থ ফিৰোজ মেহৰোত্ৰা আৰু উদয় ৰাজ আনন্দ যোৱা ১৭ বছৰ ধৰি একেলগে আছে। তেওঁলোকে কয় যে তেওঁলোকে বৰ্তমান দুটা সন্তানক একেলগে ডাঙৰ-দীঘল কৰি আছে।কিন্তু তেওঁলোকে আইনী ভাৱে ইয়াক স্বীকৃতি দিব নোৱাৰে যাৰ ফলত তেওঁলোকৰ দুই সন্তানৰ সৈতে পিতৃ-মাতৃ আৰু শিশুৰ আইনী সম্পৰ্ক ৰাখিব নোৱাৰে।

গতিকে কেন্দ্ৰই এই সন্দৰ্ভত কি উত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয়। আৰু তাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে সমকামী বিবাহ স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভূক্ত কৰিব পাৰি নে নোৱাৰি।

আৰু পঢ়ক: বিভিন্ন দাবী উত্থাপন কৰি লামডিঙত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ