SBI Whatsapp Banking
SBI Whatsapp Banking 
মুখ্য-পৃষ্ঠা

SBI Whatsapp Banking: এছ বি আইৰ হোৱাটছএপ সেৱাৰ বিষয়ে জানো আহক

Asomiya Pratidin

ডিজিটেল ডেস্ক: ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহক সকলৰ বাবে সুখবৰ।হয়, ষ্টেট বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ আৰম্ভ কৰিছে হোৱাটছএপ বেংকিঙৰ সুবিধা। ইয়াৰ জৰিয়তে এতিয়া আপুনি যিকোনো ঠাইৰ পৰা যিকোনো সময়তে এছ বি আইৰ বিশেষ সেৱা লাভ কৰিব পাৰিব।হয়, এছ বি আইৰ হোৱাটছএপ নম্বৰৰ জৰিয়তে আপুনি অপোনাৰ একাউণ্টত থকা ধনৰাশি তথা মিনি ষ্টেটমেণ্টৰ তথ্যসহ আন বহু সেৱাৰ সুবিধা ল'ব পাৰে।

এছ.বি.আই. হোৱাটছএপ বেংকিং সেৱাৰ সৈতে বেঙ্ক একাউণ্ট পঞ্জীয়ন কৰিবলৈ বেংকৰ সৈতে পঞ্জীভুক্ত ম'বাইল নম্বৰৰ পৰা WAREG লেখি স্পেছ দি আপোনাৰ একাউণ্ট নম্বৰৰ সৈতে 917208933148 নম্বৰত প্ৰেৰণ কৰিব লাগিব।বেংকত পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এছ বি আইৰ নতুন হোৱাটছএপ সেৱা ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

ইয়াৰ পাছত আপুনি 909022690226 নম্বৰত হোৱাটছএপত হাই প্ৰেৰণ কৰিব লাগিব।এতিয়া আপোনাক একাউণ্ট বেলেন্স, মিনি ষ্টেটমেণ্ট, ডি-ৰেজিষ্টাৰ হোৱাটছএপ বেংকিঙৰ বিকল্প দিয়া হ'ব।

ইয়াত আপুনি একাউণ্ট বেলেন্স পৰীক্ষা কৰিবলৈ টাইপ কৰিব লাগিব আৰু মিনি ষ্টেটমেণ্টৰ বাবে আপুনি টাইপ কৰিব লাগিব।

বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই দেশৰ কোটি কোটি গ্ৰাহকক সহজ উপায়েৰে বেংকিং সেৱা প্ৰদান কৰাৰ বাবে এই নতুন সেৱা আৰম্ভ কৰিছে। এতিয়া এছ বি আই গ্ৰাহকসকলে ঘৰত বহি হোৱাটছএপৰ জৰিয়তে তেওঁলোকৰ একাউণ্ট সম্পৰ্কীয় সেৱাসমূহ লাভ কৰিব পাৰিব।