সঞ্জয় ৰাউতো হ'ল নেকি মেনেজ ! জে'লৰ পৰা বাহিৰ হৈয়ে সলনি কৰিলে সুৰ...
সঞ্জয় ৰাউতো হ'ল নেকি মেনেজ ! জে'লৰ পৰা বাহিৰ হৈয়ে সলনি কৰিলে সুৰ... 
মুখ্য-পৃষ্ঠা

সঞ্জয় ৰাউতো হ'ল নেকি মেনেজ ! জে'লৰ পৰা ওলাই সলনি কৰিলে সুৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জে'লৰ পৰা বাহিৰলৈ আহিল শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউত। জে'ললৈ যোৱাৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে সৰৱ হোৱা এই নেতাগৰাকীৰ পিছে জে'লৰ পৰা বাহিৰ হোৱাৰ লগে লগেই সলনি হৈছে বিজেপিৰ বিৰুদ্ধে তেওঁৰ স্থিতি ! সলনি হৈছে তেওঁৰ কথা-বতৰা।

মহাৰাষ্ট্ৰৰ Patra Chawl Scam সম্পৰ্কীয় ধনৰ লেনদেনৰ গোচৰত বিগত ১০১ টা দিন জে'লত থকা সঞ্জয় ৰাউত জে'লৰ পৰা বাহিৰলৈ আহিল। জে'লৰ পৰা বাহৰিলৈ আহিয়েই সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

একে সময়তে তেওঁ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকো দোষাৰোপ কৰাৰ পৰা বিৰত আছে। অথচ এই একেগৰাকী সঞ্জয় ৰাউতে যোৱা জুন মাহত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ সময়ত দেৱেন্দ্ৰ ফাডনাভিছৰ লগতে বিজেপিক সমালোচনাৰে থকা-সৰকা কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক চৰকাৰে নিজৰ ইচ্ছা মতে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

জে'লৰ পৰা বাহিৰলৈ অহাৰ পিছতে দেৱেন্দ্ৰ ফাডনাভিছে সাংবাদিকৰ আগত কয়- "মই উদ্ধৱ ঠাকৰেক লগ কৰিম। এন চি পিৰ মুৰব্বী শৰদ পাৱাৰেও মোক মাতিছে। মোৰ কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই। আমি কেতিয়াও এনে ৰাজনৈতিক পৰিৱৰ্তন দেখা নাই। মই ইয়াৰ বাবে কোনো কেন্দ্ৰীয় সংস্থাক দোষ নিদিওঁ। মহাৰাষ্ট্ৰত এখন নতুন চৰকাৰ গঠন কৰা হৈছে। মই এই চৰকাৰৰ কিছুমান সিদ্ধান্তক স্বাগতম জনাইছো। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কিছুমান ভাল সিদ্ধান্ত লৈছে। আমি ভাবো উপ-মুখ্যমন্ত্ৰী ফাডনাভিছে চৰকাৰ চলাই আছে আৰু তেওঁ ৰাজ্যখনৰ মুৰব্বী।"

ইয়াৰোপৰি তেওঁ কয়, "মই উদ্ধৱ ঠাকৰে আৰু শৰদ পাৱাৰক লগ কৰিম। দুই-চাৰি দিনৰ ভিতৰত, মই সাধাৰণ লোকৰ কামৰ বাবে দেৱেন্দ্ৰ ফাডনাভিছকো লগ কৰিম।দিল্লী আৰু কেন্দ্ৰলৈও যাম। মই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰিম"।

ইয়াৰ পূৰ্বে বুধবাৰে সঞ্জয় ৰাউতে কৈছিল, "মই জে'লৰ পৰা মুক্ত হৈ সুখী। আমি আৰম্ভণিৰে পৰা যি কৈ আহিছিলো ন্যায়ালয়ে সেই কথাকেই কৈছে। ন্যায়পালিকা, ন্যায়ালয়, সংবিধানৰ ওপৰত মোৰ বিশ্বাস বৃদ্ধি পাইছে। অৱশ্যে, মই এই মুহূৰ্তত অলপ অসুস্থ অনুভৱ কৰি আছোঁ। অৱশ্যে সঞ্জয় ৰাউতে এইটোও কৈছে যে তেওঁ কেতিয়াও শিৱসেনা এৰি নাযায়। অন্যায়ৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম অব্যাহত থাকিব।