প্ৰকাশ পাব সদৌ অসম সাহিত্য সন্মিলনৰ  “গ্রন্থবার্তা”
প্ৰকাশ পাব সদৌ অসম সাহিত্য সন্মিলনৰ “গ্রন্থবার্তা” 
মুখ্য-পৃষ্ঠা

প্ৰকাশ পাব সদৌ অসম সাহিত্য সন্মিলনৰ “গ্রন্থবার্তা”

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত প্ৰকাশ পাব ‘গ্রন্থবার্তা' শীর্ষক গ্ৰন্থৰ তথ্যৰ এক বিশেষ সংকলন। এই সংকলনখনত সন্নিৱিষ্ট কৰা হ'ব চলিত বৰ্ষত প্ৰকাশিত আৰু প্ৰকাশিতব্য গ্ৰন্থৰ সবিশেষ তথ্য।

অসমৰ প্ৰতিটো প্ৰকাশন গোষ্ঠীৰ পৰা প্ৰকাশিত নিৰ্বাচিত গ্ৰন্থ তথা অন্য ভিন্ন গ্রন্থাকাৰৰ গল্প, কবিতা, উপন্যাস, প্রবন্ধ সংকলন আৰু বিদ্যায়তনিক অন্য গ্ৰন্থৰ সবিশেষ তথ্য এই বিশেষ সংকলনখনত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। এই গ্ৰন্থখনত প্ৰতিখন গ্ৰন্থৰ লিখক, বিষয়, প্রকাশক, মূল্য আৰু সম্যক পৰিচিত উল্লেখ কৰা হ'ব।

যিকোনো পাঠকে এই ‘গ্রন্থবার্তা'খন সংগ্ৰহ কৰিলে গ্ৰন্থমেলা হওক বা যিকোনো গ্ৰন্থ বিপনীৰ পৰা নিজৰ পছন্দৰ গ্ৰন্থখন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব। “গ্রন্থবার্তা”ত উল্লিখিত তথ্যৰ ভিত্তিত যিকোনো পাঠকে নিজৰ পছন্দৰ লিখক অথবা নিজৰ পছন্দৰ বিষয়ৰ নতুন গ্ৰন্থৰসকলো তথ্য লাভ কৰিব।

বিশেষকৈ গ্ৰন্থমেলাৰ বাকৰিত কোন প্রকাশনৰ কোন বিপনীত কি নতুন গ্রন্থ উপলব্ধ হৈছে সেই তথ্য গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰতে লাভ কৰিব। অসমৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠীৰ গ্ৰন্থৰ তথ্য সন্নিৱিষ্ট হোৱাৰ লগতে যিকোনো লেখকে নিজাববীয়াকৈ প্ৰকাশ কৰা গ্ৰন্থৰ তথ্যও এই সংকলনত প্ৰকাশ কৰিবলৈ সুবিধা পাব।

‘গ্ৰন্থবাৰ্তা ’ত নিজৰ গ্ৰন্থখনৰ সবিশেষ তথ্য অন্তর্ভুক্ত কৰিবলৈ ৯১০১৪৭০১৯২ আৰু ৭০০২০৬৫৮৯৬ নম্বৰত যোগাযোগ কৰিব পাৰিব। গ্ৰন্থবাৰ্তাৰ প্ৰথম সংকলন প্রকাশ হৈ ওলাব অসম গ্রন্থমেলা, গুৱাহাটীৰ বাকৰিত।

নিজৰ গ্ৰন্থৰ তথ্য সন্নিৱিষ্ট কৰিবলৈ ইচ্ছুক যিকোনো লেখকে অহা ১০ ডিচেম্বৰ অথবা তাৰ পূৰ্বে উল্লিখিত নম্বৰত যোগাযোগ কৰিবলৈ 'গ্রন্থবাৰ্তা'ৰ সম্পাদক প্রাঞ্জল এ শৰ্মা আৰু সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰৱছন বৰুৱাই আহ্বান জনাইছে।

ক্লিক কৰি পঢ়কঃ প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ চালান অবিহনে শিল বালি কঢ়িওৱা ৩খন ট্ৰেক্টৰ জব্দ...