ভেঁকুৰ ধৰা কক্ষত অস্ত্ৰোপচাৰ ! ধোবাংবাং কোকৰাঝাৰ জিলাৰ স্বাস্থ্যবিভাগ
ভেঁকুৰ ধৰা কক্ষত অস্ত্ৰোপচাৰ ! ধোবাংবাং কোকৰাঝাৰ জিলাৰ স্বাস্থ্যবিভাগ 
মুখ্য-পৃষ্ঠা

ভেঁকুৰ ধৰা কক্ষত অস্ত্ৰোপচাৰ ! ধোবাংবাং কোকৰাঝাৰ জিলাৰ স্বাস্থ্যবিভাগ...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম (আৰ এন বি) অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে ভেঁকুৰে ছানি ধৰা অপাৰেচন কক্ষতে ৰোগীৰ অস্ত্ৰোপচাৰ কৰে বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতেই আজি বি টি আৰৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক তথা মুৰব্বী বিষয়া ডাঃ উমেশ ফাংচৱে এক সংবাদমেলৰ আয়োজন কৰে আৰু বিভাগৰ গুণগান গোৱাত ব্যস্ত হৈ পৰে ।

উল্লেখ্য যে, অস্ত্ৰোপচাৰ কক্ষৰ সমস্যাটো সমাধানৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছিল যদিও সমস্যাৰ কোনো সমাধান নহ'ল । কেইদিনমান পূৰ্বে বি টি আৰ বিধান পৰিষদৰ বিভাগীয় স্থায়ী সমিতিয়ে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছতে চিকিৎসালয়খনৰ ফোপোলাস্বৰূপ ওলাই পৰে আৰু সংবাদমাধ্যমৰ আগত সমিতিৰ সদস্যসকলে ইয়াৰ বাবে বিভাগীয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক জগৰীয়া কৰে ।

আনকি সমিতিৰ সদস্য দনেশ্বৰ গয়াৰীয়ে কমিচনৰ ধান্দাত থকা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ অকৰ্মন্যতাক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ পিছতেই বি টি আৰৰ স্বাস্থ্য বিভাগত হাহাকাৰ লাগে । বিভাগীয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক ধোৱা তুলসীৰ পাত সজাবলৈ বি টি আৰৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ সঞ্চালক তথা মুৰব্বী বিষয়া ডাঃ উমেশ ফাংচৱে বি টি আৰৰ স্বাস্থ্য বিভাগৰ জয়গান গায় আৰু চিকিৎসালয়খনৰ দোষ-ক্ৰটিৰ বাবে চিকিৎসালয়খনৰ কৰ্তৃপক্ষহে মূলতঃ জগৰীয়া বুলি আওপকীয়া মন্তব্য কৰে ।

বি টি আৰৰ চৰকাৰৰ কৰ্মকাজত পঞ্চমুখ হৈ ডাঃ উমেশ ফাংচৱে অসম চৰকাৰে প্ৰাথমিক প্ৰয়োজনীয়তাখিনি পূৰণ কৰিলে স্বাস্থ্যখণ্ডৰ উন্নতি হ'ব বুলি মন্তব্য কৰিছে । ডাঃ উমেশ ফাংচৱে জিলাখনৰ খালী হৈ থকা পদ সমূহৰ কথা উল্লেখ কৰি কয় যে জিলাখনত ৩৩ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু ৩৫ গৰাকী জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ পদ খালী আছে ৷

ইয়াৰোপৰি খাদ্য পৰিদৰ্শক, মহকুমা স্বাস্থ্য বিষয়া, দাঁতৰ শল্য চিকিৎসকে ধৰি বিভিন্ন বিভাগত সৰ্বমুঠ ৮৯ টা পদ জিলাখনত খালী হৈ আছে আৰু এইবিষয়ে অসম চৰকাৰক জনোৱা হৈছে যদিও বৰ্তমানলৈকে পদসমূহ পূৰণ হোৱা নাই বুলি সদৰী কৰিছে । ইপিনে বি টি আৰ পৰিষদে অহা তিনিবছৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত স্বাস্থ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় ছয়খন গেট ক্ৰমে ভৈৰৱকুণ্ড, ছামৰাং, দৰঙামেলা, পেংহাং, গেলেংফু আৰু সৰলপাৰাত একোখনকৈ অত্যাধুনিক চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰিছে ডাঃ উমেশ ফাংচৱে ।

কোকৰাঝাৰত নিৰ্মীয়মাণ অৱস্থাত থকা চিকিৎসা মহাবিদ্যালয়খনৰ লগত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খনত সংলগ্ন কৰা হৈছে ৷ আৰু চিকিৎসালয়ৰ পুৰণি অস্ত্ৰোপচাৰ কক্ষটো নতুন বিল্ডিংলৈ স্থানান্তৰিত কৰা হ'ব বুলিও সদৰী কৰিছে ডাঃ উমেশ ফাংচৱে ।

ইপিনে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকসকলে ৰোগীৰ পৰা ধনদাবী কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত ডাঃ উমেশ ফাংচৱে কয় যে, তেনে অভিযোগৰ বিষয়ে উপযুক্ত তদন্ত পালে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । চিকিৎসালয়খনত চিটি স্কেন, ছনোগ্ৰাফী ,এক্সৰে, তেজ পৰীক্ষা, ছাৰ্জাৰী, স্ত্ৰী আৰু প্ৰসূতি বিভাগত প্ৰয়োজনীয় যিমানখিনি সা- সৰঞ্জাম লাগে প্ৰায়ভাগেই থকাৰ কথা উল্লেখ কৰিছে ডাঃ উমেশ ফাংচৱে।

উল্লেখ্য যে, কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ৰ চিকিৎসকে বিধান দিয়া ঔষধসমূহ অকল চিকিৎসালয়ৰ বাহিৰত থকা নিৰ্দিষ্ট ফাৰ্মাচীত হে উপলব্ধ বুলি প্ৰায়েই অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰোপৰি চিকিৎসালয়খনত থকা মেচিন বেয়া বুলি প্ৰায়ে কোৱাৰ ফলত ৰোগীসকলে চিকিৎসালয়ৰ বাহিৰত থকা ক্লিনিকত এক্সৰে , ছনোগ্ৰাফী , চিটি স্কেন অত্যাধিক দৰত কৰিব লগা হৈছে ।

নিৰ্দিষ্ট চিকিৎসকৰ সতে নিৰ্দিষ্ট ব্যক্তিগত লেবৰেটৰীৰ কমিচনৰ ভাগ থকাৰ পৰিণতিতে একাংশ চিকিৎসকে ব্যক্তিগতখণ্ডত পৰীক্ষা কৰাত অধিক গুৰুত্ব দি আহিছে বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে । এনে এক পৰিৱেশৰ মাজতে বি টি আৰ বিধান পৰিষদৰ বিভাগীয় স্থায়ী কমিটিৰ সাতজনীয়া সদস্যৰ দল এটাই কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ তথৈৱচ অৱস্থা উদঙাই দিয়াৰ পাছতে, বিটিআৰৰ স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে। স্বাস্থ্য বিভাগৰ ভুৱা জয়ঢোল কোবাবলৈ বিভাগীয় বিষয়া তৎপৰ হৈ পৰা ঘটনাই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে ।

ক্লিক কৰি পঢ়কঃ শ্ৰীমন্ত শংকৰ মিশ্যনত বিশ্ব এইডছ দিৱস উদযাপন...