স্মাৰ্ট আৰক্ষী ! নাকৰ তলতে ব্যৱসায়ীক প্ৰতিষ্ঠানত ডকাইতৰ দলে চলালে লুটপাত
স্মাৰ্ট আৰক্ষী ! নাকৰ তলতে ব্যৱসায়ীক প্ৰতিষ্ঠানত ডকাইতৰ দলে চলালে লুটপাত 
মুখ্য-পৃষ্ঠা

স্মাৰ্ট আৰক্ষী ! নাকৰ তলতে ব্যৱসায়ীক প্ৰতিষ্ঠানত ডকাইতৰ দলে চলালে লুটপাত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এটাৰ পিছত আন এটা অপৰাধ ধাৰাবাহিক ভাৱে সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। ৰাজ্যৰ প্ৰশাসনৰ মূল কেন্দ্ৰ গুৱাহাটীত দৈনিক মুক্ত ভাৱে ঘূৰি আহিছে অপৰাধী।

কোনে, কাক, কেতিয়া হত্যা কৰে, কোনে ক'ত কেতিয়া সৰ্বস্ব হেৰুৱাবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই। স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উন্মোচন কৰি সৌ সিদিনা মুক্ত ভাৱে গুৱাহাটীৰ ৰাজপথত ৰঞ্জিত বৰা নামৰ এজন ব্যক্তিক গুলীয়াই ধন লৈ উধাও হোৱাৰ পিছতো শিক্ষা ন'ললে মহানগৰ আৰক্ষীয়ে।

যাৰ বাবে এইবাৰ পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গুৱাহাটীৰ অতি ব্যস্ত গণেশগুৰিত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

গণেশগুৰিৰ ডমিন'জত ৫/৬ জনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰি কৰ্মচাৰীৰ হাত-ভৰি বান্ধি লুটপাত চলোৱা কাৰ্যই এতিয়া নিৰপত্তাহীনতাৰ দিশটোকে উন্মোচন কৰাই নহয়, আৰক্ষী যে অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে সেই কথাকেই প্ৰমাণ কৰিছে।