নিবিদা আহ্বান নকৰাকৈ অনিয়মেৰে পথ নিৰ্মাণ ! পৌৰপতিৰ বিৰুদ্ধে অভিযোগ
নিবিদা আহ্বান নকৰাকৈ অনিয়মেৰে পথ নিৰ্মাণ ! পৌৰপতিৰ বিৰুদ্ধে অভিযোগ 
মুখ্য-পৃষ্ঠা

নিবিদা আহ্বান নকৰাকৈ অনিয়মেৰে পথ নিৰ্মাণ ! পৌৰপতিৰ বিৰুদ্ধে অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ বিলাসীপাৰঃ বিলাসীপাৰা চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ স্বামী বিবেকানন্দ পাৰ্কৰ সম্মুখৰ প্ৰায় ৫৮০ মিটাৰ পথটো কোনধৰণৰ নিবিদা আহ্বান নকৰাকৈ নীতি বহিৰ্ভূত ভাবে ধনৰ বিনিময়ত গোপন বুজাবুজিৰে পথ নিৰ্মাণ কৰা কাৰ্যৰ বাবে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিচা দাসৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কোনধৰণৰ পৰিকল্পনা, অনুমান তথা নলা অবিহনে পথটোৰ কাম কৰাৰ বাবে স্থানীয় লোকে পৌৰপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

ইয়াৰ পিছতেই পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰূপকোমল ৰাভাই আজি তৎকালিনভাবে পথটোৰ মেৰামতিৰ কাম বন্ধ কৰাৰ বাবে আদেশ জাৰি কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, চহৰৰ আন আন অঞ্চল যেনে বজাৰকে ধৰি বসতি এলেকাসমূহ পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বিপৰিতে কদৰ্য ৰূপ পৰিলক্ষিত হৈছে।

পৌৰপতি মনালিচা দাসে বিলাসীপাৰা পৌৰসভা এলেকাত স্বচ্ছতা অভিযানত ব্যৰ্থ হোৱা বুলি বিলাসীপাৰাৰ সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।