গোলাঘাটত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ
গোলাঘাটত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ 
মুখ্য-পৃষ্ঠা

গোলাঘাটত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজনৰ। শুকুৰবাৰে পুৱা গোলাঘাটৰ পুলিবৰত সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল এজন স্কুলীয়া ছাত্ৰৰ।

দুৰ্ঘটনাত প্ৰাণ নাশ হোৱা ছাত্ৰজনৰ নাম চন্দনজ্যোতি গগৈ। নিহত চন্দন পুলিবৰ আদৰ্শ বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। দুৰ্ঘটনাত প্ৰথমে আহত চন্দনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁক মৃত ঘোষণা কৰা হয়।

ইফালে দুৰ্ঘটনাৰ পিছতে এই কাণ্ড সংঘটিত কৰা বাহনখনৰ সৈতে চালকজনে আত্মসমৰ্পণ কৰিছে। আনহাতে নিহত চন্দনৰ পিতৃয়েও গোলাঘাট আৰক্ষী থানাত ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে।