বটদ্ৰৱাৰ ধূপগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা...
বটদ্ৰৱাৰ ধূপগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা... 
মুখ্য-পৃষ্ঠা

বটদ্ৰৱাৰ ধূপগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত আজি এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত খৱৰ অনুসৰি, AS 01 DJ 3653 নম্বৰৰ মটৰ চাইকেলখন ধূপগুৰিৰ পৰা ধিং অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS-21-AC- 1085 নম্বৰৰ এখন মালবাহী JETO গাড়ীত তীব্ৰ বেগত খুন্দা মাৰে।

ফলত সংঘটিত হয় এই ভংয়কৰ দুৰ্ঘটনা। লগে লগে মালবাহী JETO গাড়ীখন পলাই যাবলৈ সক্ষম হয়।

দুৰ্ঘটনাত বাইক আৰোহী যুৱক গুৰুতৰ ভাবে আহত হয়। বৰ্তমান অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়লৈ নি থকা হৈছে আহত যুৱক জনক। দুৰ্ঘটনাত আহত হোৱা যুৱকজনৰ নাম জোৱাইদ আহমেদ।