প্ৰাথমিক শিক্ষাৰ ২০০ বছৰ ! এতিয়াও শেষ নহ'ল সমস্যা...

প্ৰাথমিক শিক্ষাৰ ২০০ বছৰ ! এতিয়াও শেষ নহ'ল সমস্যা...
প্ৰাথমিক শিক্ষাৰ ২০০ বছৰ ! এতিয়াও শেষ নহ'ল সমস্যা...

তুষাৰ প্ৰতিম

ৰাজ্যত প্ৰথামিক শিক্ষাই ২০০ বছৰত ভৰি দিবলৈ আগবাঢ়িছে। ইয়াণ্ডাবু সন্ধিৰ ঠিক পিছতেই অসমত আৰম্ভ হৈছিল প্ৰাথমিক শিক্ষা। অথচ আজিও ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ অৱস্থা অতি পুতৌজনক।

প্ৰাথমিক শিক্ষাই হৈছে এগৰাকী শিক্ষাৰ্থী বা শিশুৰ আনুষ্ঠানিক শিক্ষা আহৰণৰ মূল ভেঁটি। প্ৰাথমিক শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন ৰাজ্যৰ, দেশৰ শিক্ষা ব্যৱস্থা। অথচ এই প্ৰাথমিক শিক্ষা ব্যৱস্থাকে গুৰুত্ব প্ৰদানত কৃপনালী কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসম ভ্ৰমণ কৰি সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখিথৈ গৈছে এক টোকা। কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত অসমলৈ অহা চীনা পৰিব্ৰাজক জনে লিখি থৈ যোৱা অনুসৰি প্ৰাচীন অসমৰ শিক্ষা আছিল ঘাইকৈ গুৰুকুলকেন্দ্ৰীক। এই শিক্ষাৰ পাঠ্যক্ৰম আছিল বেদ-বেদাংগ, স্মৃতি আৰু আন ধৰ্মীয় শাস্ত্ৰ। শিকন সঁজুলি আছিল ঘাইকৈ সাঁচিপাত।

১২২৮ খ্ৰীঃত চুকাফাৰ আগমনৰ পিছত আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছিল আৰু গুৰুকুলকেন্দ্ৰীক শিক্ষা ব্যৱস্থাৰ ঠাইত শিক্ষাৰ ঘাই কেন্দ্ৰ হৈ পৰিছিল পাঠশালা, টোল, মুক্তাৱ আৰু সত্ৰবোৰ। বৰৰাণী ফুলেশ্বৰীয়ে ১৭২২ ৰ পৰা ১৭৩১ লৈ তেওঁৰ ৰাজত্ব কালত পাঠশালাবোৰক “ফলি লোৱা ঘৰ” বুলি নামকৰণ কৰিছিল।

১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোমৰ হাতৰ পৰা অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায়। ১৮২৬ ৰ অক্টোবৰ মাহত শাসনভাৰ লৈয়েই ডেভিদ স্কটে পুনৰ গুৰুকুল পদ্ধতিত শিক্ষাৰ প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিলে। তেওঁ গুৱাহাটী, নীলাচল, ন-দুৱাৰ, পাতিদৰং, হাজো, বজালী, চিলা, বিশ্বনাথ, গাৰো পাহাৰ আৰু মঙলদৈত মুঠ ১১খন গুৰুকুলকেন্দ্ৰীক পাঠশালা স্থাপন কৰিছিল।

১৮৩২ চনত অসমত বঙালী ভাষাৰ প্ৰচলন কৰাৰ পিছত ব্যাপ্তিষ্ট মিচনেৰীসকলে ফলি লোৱা ঘৰবোৰক বিদ্যালয় বুলি নামকৰণ কৰিলে। গুৱাহাটীৰ পাঠশালাখনৰ নাম গুৱাহাটী বিদ্যালয় কৰি বিদ্যালয় নামৰ আৰম্ভণি কৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৭৩ চনত অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হ'ল।

ইয়াৰ পিছত ১৮৮২ চনত হাণ্টাৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰাথমিক শিক্ষাৰ দায়িত্ব দিয়া হ’ল লোকেল ব’ডি ৰ ওপৰত। হাণ্টাৰ আয়োগৰ মুখ্য উদ্দেশ্য আছিল দেশৰ প্ৰাথমিক শিক্ষা জনপ্ৰিয় কৰি তোলা আৰু ইয়াৰ এক প্ৰশাসনিক গাঁথনি প্ৰস্তুত কৰা।

সেইবাবে ভাৰতৰ লগতে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক অধিক স্বায়ত্ত্ব শাসনৰ ক্ষমতা দিয়া হয়। আয়োগে অনুভৱ কৰিব পাৰিছিল যে প্ৰাথমিক শিক্ষা হৈছে জনসাধাৰণৰ শিক্ষা। এই কথালৈ লক্ষ্য ৰাখি আয়োগে স্থানীয় কৰ্তৃপক্ষবোৰলৈ শিক্ষা পৰিচালনাৰ ক্ষমতা প্ৰদান কৰে।

গুৰুকুল শিক্ষাৰ পৰা আধুনিক শিক্ষা ব্যৱস্থালৈ উন্নীত হোৱাৰ খুব কম সময়ৰ ভিতৰতে প্ৰাথমিক শিক্ষাক অধিক গুৰুত্ব দিয়া হ'ল যদিও পৰৱৰ্তী সময়ত কি উদ্দেশ্যত প্ৰাথমিক শিক্ষাক গুৰুত্বহীন কৰা হ'ল সেয়া এক কোটিটকীয়া প্ৰশ্ন। বহুতেই ইয়াৰ আঁৰত শিক্ষাৰ ব্যক্তিগতকৰণ বুলিও ধাৰণা কৰে।

ব্যক্তিগত শিক্ষানুষ্ঠান আৰু ইংৰাজী মাধ্যমৰ আধিপত্যৰ বাবেই ক্ৰমান্বয়ে পৰিকল্পিত ভাৰে চৰকৰী মাধ্যমৰ প্ৰাথমিক শিক্ষাৰ ভেঁটি চৰকাৰে দুৰ্বল কৰি তোলা বুলিও বহুতেই ক'ব বিচাৰে। অৱশ্যে এই ধাৰণা অমূলকো নহয়।

টেটৰ জৰিয়তে বিভিন্ন সময়ত হাজাৰ হাজাৰ শিক্ষকক ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদানৰ মেলা পাতি আহিছে যদিও এই কাৰ্যই প্ৰাথমিক শিক্ষা ব্যৱস্থাক যে আজিও উন্নত কৰিব পৰা নাই সেই কথা ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ মন্তব্যতে প্ৰকাশ পাইছে।

আন্তঃগাঁথনিয়েই হওক, বা শিক্ষা, শিক্ষকেই হওক সকলো দিশৰ সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অসম বিধানসভাত বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত দিয়া তথ্যই এই কথা প্ৰমাণ কৰিছে।

অসমত আজিৰ তাৰিখত ২৯৭৯ খন প্ৰাথমিক বিদ্যালয় চলি আছে মাত্ৰ এজন শিক্ষকেৰে। এই একেজন শিক্ষকেই মধ্যাহ্ন ভোজনৰ দায়িত্ব পালন কৰাৰ উপৰিও অফিচিয়েল সকলো দায়িত্ব পালন কৰি শিক্ষাৰ্থীক শিক্ষা দিবলগীয়া হৈছে। নকলেও বুজিব পাৰি চৰকাৰী কামতেই অধিক সময় ব্যস্ত থাকিব লগীয়া হোৱা প্ৰাথমিক শিক্ষকে অকলে কিদৰে এখন বিদ্যালয় চলাই আছে। কিদৰে শিক্ষা দিছে শিক্ষাৰ্থীক।

আনহাতে মাত্ৰ দুজন শিক্ষকেৰে চলি আছে ৰাজ্যৰ ১৫ হাজাৰ ১৬১ খন প্ৰাথমিক বিদ্যালয়। ৩ জন শিক্ষক থকা প্ৰাথমিক বিদ্যালয় আছে ৮ হাজাৰ ২০৭ খন প্ৰাথমিক বিদ্যালয়। অৱশ্যে ৭ জনতকৈ অধিক শিক্ষক থকা প্ৰাথমিক বিদ্যালয় আছে ২ হাজাৰ ৯১৬ খন।

এজনীয়া শিক্ষকেৰে চলি থকা প্ৰাথমিক বিদ্যালয় সৰ্বাধিক আছে ওদালগুৰিত। জিলাখনৰ মুঠ ৩০২ খন প্ৰাথমিক বিদ্যালয় চলি আছে মাত্ৰ ১ জন শিক্ষকেৰে। এই তালিকাৰ দ্বিতীয় স্থানত আছে কোকৰাঝাৰ। জিলাখনত এজনীয়া শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ২৪০ খন। তৃতীয় স্থানত আছে গোলাঘাট। জিলাখনত ২০১ খন প্ৰাথমিক বিদ্যালয় চলি আছে ১ জন শিক্ষকেৰে।

কেৱল শিক্ষকৰ অভাৱেই যে প্ৰাথমিক বিদ্যালয়ৰ সমস্যা তেনে নহয়। প্ৰাথমিক শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিও পুতৌলগা। ৰাজ্যৰ শিক্ষা বিভাগ আমোল পৰিৱৰ্তনৰ কথা কোৱা হৈছে যদিও এতিয়াও ১০ হাজাৰ ৪৭২ খন প্ৰাথমিক বিদ্যালয়ত নাই পাৰ্টিশ্বন ৱাল। অৱশ্যে ইয়াৰে ৫ হাজাৰ ৬৭৩ খন প্ৰাথমিক বিদ্যালয়লৈ পাৰ্টিশ্বন ৱাল নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰা হৈছে।

বিদ্যুৎ সংযোগ নথকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা আজিৰ তাৰিখত ১০৯৭ খন।বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১০৬৬ খন। জলজীৱন আঁচনিৰ অধীনত এনে শিক্ষানুষ্ঠানৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্ত সকলক কোৱা হৈছে যদিও আজিলৈকে সেয়া হৈ উঠা নাই।

২ হাজাৰ ৭৪৭ খন প্ৰাথমিক বিদ্যালয়ত আজিৰ তাৰিখিত নাই ছাত্ৰৰ বাবে শৌচাগাৰ। ১৫৮২ খন প্ৰাথমিক বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচাগাৰ। এয়াই হৈছে আজিৰ তাৰিখত ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ অৱস্থা।

সৌ সিদিনাখন টুইটাৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগত বাকযুদ্ধত লিপ্ত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দিশবোৰলৈ মন দিছেনে? মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে দীৰ্ঘ সময়ৰ বাবে তেওঁ নিজেই আছিল শিক্ষামন্ত্ৰী।

শিক্ষা বিভাগত টেটৰ জৰিয়তে শিক্ষক নিযুক্তি দিয়া হৈছে যদিও আজিও ৰাজ্যৰ শিক্ষাৰ্থীয়ে প্ৰকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। প্ৰাথমিক বিদ্যালয়ত এইদৰে শিক্ষকৰ অভাৱ হোৱা স্বত্বেও সৌ সিদিনা ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৮ হাজাৰ প্ৰাথমিক শিক্ষকৰ পদ বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

এই সিদ্ধান্তই যে ৰাজ্যৰ প্ৰাথমিক শিক্ষাক আৰু অধিক ধ্বংসৰ দিশলৈ লৈ যাব সেই কথা নিশ্চিত। প্ৰাথমিক শিক্ষাই আৰু মাত্ৰ কিছু দিনৰ পিছতে ২০০ বছৰত ভৰি দিব। এই ২০০ বছৰৰ সময়ছোৱাত প্ৰাথমিক শিক্ষা ব্যৱস্থাই আকাশ স্পৰ্শ কৰিব পাৰিব লাগিছিল যদিও ৰাজনৈতিক কাৰণতেই হওক বা সুপৰক্লিত ব্যৱস্থা নথকাৰ বাবেই হওক অথবা আন্তৰিকতা নথকাৰ বাবেই হওক ধ্বংসৰ দিশলৈহে গতি কৰিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াই সঠিক পৰিকল্পনাৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাক গতিশীলতা প্ৰদান নকৰিলে, আন্তৰিকতাৰে সমস্যা সমাধানৰ লক্ষ্য স্থিৰ নকৰিলে প্ৰাথমিক শিক্ষা ব্যৱস্থা যে সম্পূৰ্ণ ৰূপে ধ্বংস হ'ব সেয়া নিশ্চিত। আৰু যদি সেয়াই হয়, তেন্তে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ উঠি অহা হাজাৰ হাজাৰ শিশু।

কাৰণ অতি ব্যয়বহুল হৈ পৰা ব্যক্তিগত শিক্ষানুষ্ঠানত শিশুক প্ৰাথমিক শিক্ষা নিশ্চিত কৰিব পৰাকৈ অসমীয়া আজিৰ তাৰিখত চহকী হৈ থকা নাই। দৰিদ্ৰ ৰাজ্যৰ তালিকাত আছে অসম পঞ্চম স্থানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in