ৰিয়ান পৰাগ
ৰিয়ান পৰাগ 
মুখ্য-পৃষ্ঠা

অসমক গৌৰৱান্বিত কৰিছে ৰিয়ান পৰাগে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উজলি উঠিছে ৰিয়ান পৰাগ। অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ সন্তান তথা অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে বি চি চি আইৰ দ্বাৰা আয়োজিত ঘৰুৱা প্ৰতিযোগিতাসমূহত উজলি উঠিবলৈ সক্ষম হৈছে।

সদ্যসমাপ্ত বিজয় হাজাৰে এদিনীয়া ক্ৰিকেটতো খেলুৱৈগৰাকীয়ে স্ব-মহিমাৰে উজলি উঠে। ৰিয়ানে উক্ত প্ৰতিযোগিতাত ৩টা শতক আৰু ১টা অৰ্ধশতকেৰে ৫৫২ ৰান সংগ্ৰহ কৰে। বিজয় হাজাৰে ট্ৰফীত অসমক ছেমি ফাইনেললৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে। বলিঙতো ১০টা উইকেট নিজৰ দখলত আনিবলৈ সক্ষম হয়।

আনহাতে চলিত ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাতো প্ৰথমখন মেচত সৌৰাষ্ট্ৰ বিৰুদ্ধে দুয়োটা ইনিংছতে ৰিয়ানে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰথম ইনিংছত ১০৮ টা বলত ৭৬ আৰু আনটো ইনিংছত ১৫০টা বলত ৯৫ ৰানৰ অনবদ্য ইনিংছত খেলে। অৱশ্যে অসম-সৌৰাষ্ট্ৰ মেচখন অমিমাংসিত হিচাপে সমাপ্ত হয়। সাম্প্ৰতিক প্ৰদৰ্শন অনুসৰি ৰিয়ানৰ পৰা আৰু বহু আশা কৰিব পৰাৰ থল আছে।