'বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি দি মানুহক দুৰ্বল কৰি বিজেপিক ভোট দিবলৈ বাধ্য কৰাইছে চৰকাৰে'
'বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি দি মানুহক দুৰ্বল কৰি বিজেপিক ভোট দিবলৈ বাধ্য কৰাইছে চৰকাৰে' 
মুখ্য-পৃষ্ঠা

'বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি দি মানুহক দুৰ্বল কৰি বিজেপিক ভোট দিবলৈ বাধ্য কৰাইছে চৰকাৰে'

Asomiya Pratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰা মানকাচৰঃ হাটশিঙিমাৰীত আজি অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ জিলাভিত্তিক কৰ্মী সভা। এই কৰ্মী সভাত অংশগ্ৰহণ কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই।

সভাত তেওঁ মাদ্ৰাছা, সংখ্যালঘু পৰিয়ালক উচ্ছেদ, মূল্যবৃদ্ধিক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰে। সভাত তেওঁ কয়, "বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি দি মানুহক দুৰ্বল কৰি বিজেপিক ভোট দিয়াত বাধ্য কৰাইছে চৰকাৰে। জেহাদীৰ নামত মাদ্ৰাছা উচ্ছেদ কৰাৰ লগতে অসমত সন্দেহযুক্ত বাংলাদেশীৰ নাম লৈ সংখ্যালঘু লোকক উচ্ছেদ কৰি ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

অসমত নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ অক্ষম হৈছে চৰকাৰ। বিজেপি উন্নয়নত ব্যৰ্থ হোৱাৰ বাবে নাটকীয় ভাবে উচ্ছেদ চলাই জনতা সাংবাদিকক ব্যস্ত কৰি ৰাখিছে চৰকাৰ। মানুহ আৰু সাংবাদিক ব্যস্ত থাকিলে ৰাইজে উন্নয়নৰ কথা পাহৰিব" এইদৰে আজি ৰিপুন বৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কঠোৰ সমালোচনা কৰে।