চীনা আগ্ৰাসনৰ মাজতে আজি অৰুণাচলত প্ৰতিৰক্ষামন্ত্ৰীঃ মুকলি কৰিব ৭২৪.৩ কোটি টকাৰ প্ৰকল্প...
চীনা আগ্ৰাসনৰ মাজতে আজি অৰুণাচলত প্ৰতিৰক্ষামন্ত্ৰীঃ মুকলি কৰিব ৭২৪.৩ কোটি টকাৰ প্ৰকল্প...  
মুখ্য-পৃষ্ঠা

চীনা আগ্ৰাসনৰ মাজতে আজি অৰুণাচলত প্ৰতিৰক্ষামন্ত্ৰীঃ মুকলি কৰিব ৭২৪.৩ কোটি টকাৰ প্ৰকল্প...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন তথা বিকাশ অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ চীনা আগ্ৰাসন ৰোধ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ পথ, যোগাযোগ ব্যৱস্থা আদি উন্নত কৰি যাতায়ৰতৰ বাবে সূচল কৰি তোলাটো অতি প্ৰয়োজন।

এই প্ৰয়োজনীয়তাক উপলব্ধি কৰিয়েই শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত যাতায়তৰ সৈতে জড়িত বহু কেইটা বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰাৰ লগতে বহুতৰে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আজি অৰুণাচল প্ৰদেশত ২৮ টাকৈ প্ৰকল্প মুকলি কৰিব।

সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত আহি উপস্থিত হোৱা প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে নিশা তাতেই পাৰ কৰি আজি অৰুণাচলত উপস্থিত হ'বগৈ।

অৰুণাচলত তেওঁ মুকলি কৰিবলগীয়া ২৮ টা প্ৰকল্পৰ ভিতৰত আছে ১০০ মিটাৰ দৈৰ্ঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং। সীমান্ত পথ সংস্থাৰ ২৭ টা প্ৰকল্প। এই আটাইকেইটা প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৭২৪.৩ কোটি টকা।

ক্লিক কৰি পঢ়কঃ নতুন বছৰৰ উপহাৰ ! প্ৰতি ইউনিট বিদ্যুৎ মাছুল ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ...