মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ
মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ 
মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ, দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত মঙলবাৰে ৰাইজৰ দলে ১ লাখকৈ স্বাক্ষৰযুক্ত দুখন পৃথক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰে। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ জৰিয়তে ৰাইজৰ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত স্মাৰক পত্ৰ দুখন প্ৰেৰণ কৰে।

বিগত ১২ দিন ধৰি ৰাইজৰ দলে সমষ্টি তিনিটাত ৰাইজৰ পৰা গণ স্বাক্ষৰ সংগ্ৰহ কৰি আহিছিল ১২ দিনৰ অন্তত আজি দিনৰ প্ৰায় ১ বজাত ৰাইজৰ দলে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্ত পল্লৱী সৰকাৰৰ হাতত এই স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা উপযুক্তই স্মাৰক পত্ৰ দুখন মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত প্ৰেৰণ কৰিব বুলি আশ্বাস দিয়ে বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, সমষ্টি তিনিটাত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বাৰে বাৰে বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে খহনীয়া প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব দিয়া নাই। ফলত ব্যতিক্ৰমী ভাবে ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ আনিচুৰ ৰহমান এইদৰে সমষ্টি তিনিটাত ৰাইজৰ পৰা দুখন বগা বেনাৰত ১ লাখকৈ গণ স্বাক্ষৰ উঠাই বেনাৰতে লিখা স্মাৰক পত্ৰ দুখন মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক দি দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে বুলি জনায়।

ৰাইজৰ দলৰ এই ব্যতিক্ৰমী পদক্ষেপৰ পাছতো যদি চৰকাৰে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সমষ্টি তিনিটাৰ পৰা ৰাইজে দিছ্পুৰলৈ পদযাত্ৰা আৰম্ভ কৰিব বুলিও ৰাইজৰ দলে ভাবুকি প্ৰদান কৰে।