গ্ৰন্থ উন্মোচন
গ্ৰন্থ উন্মোচন 
মুখ্য-পৃষ্ঠা

নামখলা আঞ্চলিক ৰাস মহোৎসৱত গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ নামখলা আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত যোৱা ৬ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচী হাততলৈ উদযাপন কৰিছে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি অনুষ্ঠানৰ পঞ্চম দিনা শুকুৰবাৰে লোকে লোকাৰণ্য হৈ পৰে । ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে আবেলি ৪ বজাৰ পৰা জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত অন্তৰংগ আলাপ কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নামখলা জ্যেষ্ঠনাগৰিক মঞ্চৰ সভাপতি জিতেন্দ্ৰ নাৰায়ণ শৰ্মা আৰু মঞ্চ উদ্বোধন কৰে অৱসৰী প্ৰধান শিক্ষক গণেশ শৰণীয়াই । ইয়াৰ পিছতে নিলীমা বৈশ্যই বৰগীত,জ্যেষ্ঠ নাগৰিক মঞ্চৰ মহিলা শিল্পী দলৰ নাম পৰিবেশন কৰে ।

"এটি কলমৰ শক্তি অস্ত্ৰতকৈ বহুগুণে শক্তিশালী । কলমেৰে বিশ্ব জয় কৰিব পাৰি " চানমাৰী, গুৱাহাটী ভাষা প্ৰকাশনে প্ৰকাশ কৰা বিজয় কুমাৰ বৰুৱা কাব্যগ্ৰন্থ " মেঘৰ প্ৰেমিক চৰাই " উন্মোচনী ভাষণত কবি,সাহিত্যিক অৱসৰী কৃতি শিক্ষক ফজলুল হক চৌধুৰীদেৱে এইদৰে কয়। লগতে কয় যে, কবিতাই মানুহক নতুন জীৱন যাপন কৰিবলৈ শিকায় ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড° দুলাল হাজৰিকা,ৰামধেনু সাহিত্য চক্ৰৰ সম্পাদক গজেন হাজৰিকা,অৱসৰী কৃতি শিক্ষক অতুল বৰুৱা, হেমচন্দ্ৰ কলিতা,তৰুন চন্দ্ৰ নাথ,বিশিষ্ঠ নাগাৰা নামৰ শিল্পী বসন্ত চহৰীয়া,কৃতি শিক্ষক মনিন্দ্ৰ বৰুৱা,ভগীৰথ চহৰীয়া,সুৰেন্দ্ৰ মোহন ৰাভা,শুকনানি ওজা লোহিত কলিতা,ব্যাসৰ ওজাপালি তিলক বৰুৱা,বিশিষ্ট সমাজকৰ্মী দীন বৰুৱা ,বৰগীতৰ শিল্পী কমল কৃষ্ণ বৰুৱা, সাংবাদিক দীপেন ডেকা , নৱজিৎ শৰ্মা,বিশিষ্ট কবি শিৱানী শৰ্মা বশিষ্ঠ,বিশিষ্ঠ শিল্পী ধীৰাজ কলিতা উপস্থিত থাকে ।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু ৰামধেনু সাহিত্য চক্ৰৰ উদ্যোগত সমন্বয়ৰ সুৰেৰে গীতে- মাতে এসন্ধা অনুষ্ঠান ৰূপায়ন হয় । অনুষ্ঠানত ধৈয্য ডেকাৰ পৰিচালনাৰে "সুৰৈৰ পানচৈ"ৰ গীতৰ শৰাই ,অংশুমান বৰুৱাৰ কবিতা,বিতোপন কলিতাৰ যোগাশন,গনেশ শৰ্মাৰ গীত,বাহমোল্লা গাৱৰ শিশু শিল্পী দলৰ জিকিৰ,অক্ষয় হাজৰীকাৰ বাহী বাদনে সন্ধিয়াটি জীপাল কৰি তোলে ।

আৰু পঢ়কঃ কবিতা ১০৬/ আৰু একো নকওঁ