বঙাইগাঁও শোধনাগাৰত উত্তাল প্ৰতিবাদ
বঙাইগাঁও শোধনাগাৰত উত্তাল প্ৰতিবাদ 
মুখ্য-পৃষ্ঠা

থলুৱা যুৱক-যুৱতীৰ সংৰক্ষণ বিচাৰি বঙাইগাঁও শোধনাগাৰত উত্তাল প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ c। ভাৰতীয় তেল নিগমৰ স্থায়ী নিযুক্তি, অস্থায়ী শ্ৰমিকৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা অৰ্হতাসম্পন্ন নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণ, কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্য্যসূচীৰ পূজিৰ সদ্ ব্যৱহাৰ কৰা আদি কৰি ছয় দফীয়া লৈ চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাই আহ্বান কৰা প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰায় দুই শতাধিক যুৱক যুৱতী, পুৰুষ মহিলাই আজি পুৱা দহবজাৰ পৰা বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী সংগঠনটোৰ নেতা সকলে সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁও শোধনাগাৰত অস্থায়ী শ্ৰমিকৰ নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় অৰ্হতাসম্পন্ন নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণ কৰা, ভাৰতীয় তেল নিগমত স্থানীয় শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰা, বঙাইগাঁও শোধনাগাৰৰ দাঁতিকাষৰীয়া অঞ্চলত চি এছ আৰ পুঁজিৰ সদ্ ব্যৱহাৰ কৰা, এপ্ৰেণ্টিছত স্থানীয় নিবনুৱা যুৱক-যুৱতীৰ বাবে আসন সংৰক্ষণ, শোধনাগাৰৰ ভিতৰচৰাত নিৰ্মাণ কাৰ্য্যত স্থানীয় ঠিকাদাৰক সকলক অগ্ৰাধিকাৰ দিয়া আৰু শিক্ষা, স্বাস্থ্য, গড়কাপ্তানী উন্নয়নৰ কামত শোধনাগাৰৰ দাঁতিকাষৰীয়া এলেকাক অগ্ৰাধিকাৰ দিয়া আদি কৰি মুঠ ছদফীয়া দাবী লৈ আজি এই তিনি ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

ইয়াৰ পিছতো যদি ভাৰতীয় তেল নিগম তথা বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই কোনো ধৰণৰ বিধিবদ্ধ ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে ।

আৰু পঢ়কঃ বোকাজানত জব্দ অবৈধ বিলাতী সুৰা