শাসনৰ নামত শোষণ নকৰিব ! এখন জিলাৰ পৰা আন জিলাত গাওঁ চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদ...
শাসনৰ নামত শোষণ নকৰিব ! এখন জিলাৰ পৰা আন জিলাত গাওঁ চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদ... 
মুখ্য-পৃষ্ঠা

শাসনৰ নামত শোষণ নকৰিব ! এখন জিলাৰ পৰা আন জিলাত গাওঁ চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বছৰৰ শেষত ৩১ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তই বছৰৰ আৰম্ভণিতেই ৰাজ্যজুৰি তোলপাৰ লগাইছে। কেবিনেট বৈঠকে গ্ৰহণ কৰা ৪ জিলা বিলুপ্তিকৰণ আৰু এখন জিলাৰ পৰা আন এখন জিলাত গাওঁ চামিলকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিভিন্ন শ্ৰেণীৰ নাগৰিকৰ।

তাৰ মাজতে আজি বৰহোলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠৰকৰ হঠকাৰী সিদ্ধান্তৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ্য যে, তিতাবৰ সমষ্টিৰ সীমান্তৰ বেকাজান, বৰহোলা আৰু ৰজাবহৰ পঞ্চায়তৰ ১০ খন ৰাজহ গাওঁ গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে অঞ্চলকেইটাৰ লোকসকল।

তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি নোলোৱাৰ হুংকাৰ দিছে। ক্ষোভিত ৰাইজে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰাৰ লগতে ৰাইজৰ মতামত নোলোৱাৰ বাবে অভিযোগ উত্থাপন কৰিছে।

ক্ষোভিত ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ স্থানীয় নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শাসনৰ নামত শোষণ নকৰিবলৈ দাবী কৰিছে। কেৱল ভোটৰ অংকৰ স্বাৰ্থত সমষ্টি সলনি নকৰিবলৈও সকীয়নি প্ৰদান কৰিছে।

ক্লিক কৰি পঢ়কঃ গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ