ৰাহুল গান্ধী অসমলৈ আহি বিজেপিক সহায়হে কৰিলে...
ৰাহুল গান্ধী অসমলৈ আহি বিজেপিক সহায়হে কৰিলে... 
মুখ্য-পৃষ্ঠা

ৰাহুল গান্ধী অসমলৈ আহি বিজেপিক সহায়হে কৰিলে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যসভাত বক্তব্য প্ৰদান কৰি কংগ্ৰেছ তথা ৰাহুল গান্ধী তীক্ষ্ণ সমালোচনা কৰিলে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই। কংগ্ৰেছৰ চিন্তাধাৰা আওপুৰণি বুলি উল্লেখ কৰাৰ লগতে পুনৰ এবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী অসমলৈ গলে আগন্তুক লোকসভা নিৰ্বাচনত ১৪খন লোকসভা আসনৰ ভিতৰত ১৪খনেই বিজেপিয়ে লাভ কৰিব বুলি কটাক্ষ কৰে মাৰ্ঘেৰিটাই। ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে কংগ্ৰেছৰ সলনি বিজেপিকহে সহায় কৰিছে বুলি কয় সাংসদগৰাকীয়ে।

ইয়াৰ বিপৰীতে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় অন্তঃৱৰ্তী বাজেটক লৈ মাৰ্ঘেৰিটাই কয় যে, দেশৰ বিকাশ সাধনত অপৰিসীম প্ৰভাৱ পেলাব এই বাজেট খনে। এই বাজেটখন SUVৰ দৰেই শক্তিশালী আৰু লেম্বৰগিনীৰ দৰেই সুন্দৰ বুলি সদনত বক্তব্য ৰাখে সাংসদগৰাকীয়ে। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ ৪০০ৰো অধিক আসন লাভৰ আশাই সাকাৰ ৰূপ পোৱাৰ দিশে বুলি কয় পৱিত্ৰ মাৰ্ঘেৰিটাই।

উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই সদনত এই বক্তব্য প্ৰদান কৰাৰ সময়ত নিজ দলটোৰ সাংসদ সকলে হাতচাপৰি দিয়াৰ বিপৰীতে বিৰোধী সাংসদসকলে বিৰোধিতা কৰিছিল।