আদানী বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু...
আদানী বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু... 
মুখ্য-পৃষ্ঠা

আদানি বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আদানি বন্দৰ প্ৰকল্পৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদ কৰাৰ বাবে ৩ হাজাৰ লোকৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ। এপদ এপদকৈ দেশৰ সকলো সম্পদ নিজৰ দখললৈ নিয়া গৌতম আদানিয়ে কেৰালাৰ ভিজিঞ্জাম অঞ্চলত নিৰ্মাণ আৰম্ভ কৰিছে এটা বন্দৰ।

এই বন্দৰৰ বিৰোধিতা কৰিছে স্থানীয় লোকসকলে। এনে এক গোচৰতে আৰক্ষীয়ে আটক কৰিছিল ৪ জনক। এই ৪ অভিযুক্তক মুকলি কৰিবলৈ গৈয়ে সংঘটিত কৰা হিংসাত্মক ঘটনাই দেশজুৰি সৃষ্টি কৰি কৰিছে প্ৰতিক্ৰিয়া।

দেওবাৰে স্থানীয় লোকে আদানি প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। ফলত আৰক্ষীয়ে ৩ হাজাৰ লোকৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ।

আৰক্ষীয়ে দাংগা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত এই গোচৰ ৰুজু কৰিছে। গোচৰ ৰুজু হোৱা ৩ হাজাৰ লোকৰ ভিতৰত আছে মহিলা আৰু শিশুৰ নামো।

আৰক্ষীৰ মতে এই লোকসকলে আৰক্ষী থানা ধ্বংস কৰা আৰু আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়ত প্ৰায় ৪০ গৰাকী আৰক্ষী আহত হোৱাৰ খবৰ পোৱা গৈছে।

একে সময়তে আহত হৈছে আন কেইবাজনো স্থানীয় লোক। উল্লেখ্য যে, শনিবাৰে পঞ্জীয়ন কৰা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰা অভিযুক্তক মুক্তিৰ দাবীত দেওবাৰে ভিজিঞ্জাম আৰক্ষী থানাত প্ৰায় ৩ হাজাৰ লোক একত্ৰিত হৈছিল।

আৰক্ষীৰ ভাষ্য অনুসৰি আৰক্ষী থানাত সন্ধিয়া প্ৰায় ৬ বজাত সমবেত হোৱা লোকসকলে লোহাৰ ৰড, লাঠি, শিল আৰু ইটা লৈ আহিছিল। তেওঁলোকে থানাৰ ভিতৰতে আৰক্ষীক আবদ্ধ কৰি ৰাখিছিল।

কেৱল সেয়াই নহয়, স্থানীয় লোকসকলে অভিযুক্তক মুকলি কৰি নিদিলে আৰক্ষী থানা জ্বলাই দিয়োৰা ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পিছতে এই প্ৰতিবাদীলোকসকলে আৰক্ষীৰ বাহনসমূহ ক্ষতিগ্ৰস্ত কৰে আৰু আৰক্ষী থানাৰ ভিতৰৰ সামগ্ৰীও ধ্বংস কৰে।

আৰক্ষীৰ ভাষ্য অনুসৰি এই ঘটনাত আৰক্ষী থানাৰ প্ৰায় ৮৫ লাখ টকাৰ সামগ্ৰী লোকচান হৈছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বে-আইনী সমাবেশৰ বাবে আই পি চিৰ ১৪৩ ধাৰা, অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ১২০ বি ধাৰা, অপৰাধমূলক অনধিকাৰ প্ৰৱেশৰ বাবে ৪৪৭ ধাৰা আৰু চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰাৰ বাবে ৩৫৩ ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছে।