জোনাইত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ
জোনাইত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ 
মুখ্য-পৃষ্ঠা

জোনাইত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাইঃ জোনাইত লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ। ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে জোনাই মহকুমা। জোনাই সদৰ থানাৰ আৰক্ষীয়ে সোমবাৰে বিশেষ অভিযান চলাই জোনাই সদৰৰ ৰুৱাদ দলুঙৰ পৰা প্ৰায় ১০ লক্ষাধিক টকাৰ মাৰাত্মক ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্যমতে জোনাই আৰক্ষীয়ে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এজন বিশেষ লোকৰ পৰা পোৱা গোপন তথ্যৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মণি দাস আৰু জোনাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত প্ৰথমতে জোনাই সদৰৰ ৰুৱাদ দলুঙৰ দীপক মিলি নামৰ এজন যুৱকৰ ঘৰত অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত দীপক মিলিৰ স্বীকাৰোক্তি মতে আৰক্ষীয়ে ৰুৱাদ দলুঙৰ লিখন পেগুৰ ঘৰত অভিযান চলাই ভৰাঁল ঘৰত এটা বেগত লুকাই ৰখা অৱস্থাত চাবোনৰ বাকচত ৰখা ১১ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। তাৰোপৰি আৰক্ষীয়ে লিখন পেগুৰ ঘৰৰ পৰা নগদ ৭৮,৯৯০ টকা উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

উদ্ধাৰ কৰা ১১ পেকেট ব্ৰাউন চুগাৰৰ পৰিমাণ প্ৰায় ১৪৩ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে জনায়।

আনহাতে ড্ৰাগছ ব্যৱসায়ী লিখন পেগু বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লিখন পেগুৰ পত্নী চয়নিকা পেগু আৰু দীপক মিলিক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। সীমান্তৱৰ্তী জোনাই মহকুমাত এনেদৰে বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছৰ উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।