মুখ্য-পৃষ্ঠা

বিনামূলীয়া ভেকচিন দেশবাসীৰ বাবেঃ আৰু বহু গুৰুত্বপূৰ্ণ কথা জনালে প্ৰধানমন্ত্ৰীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দেশবাসীক সম্বোধন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে- 'কোৰোনাৰ বিৰুদ্ধে এতিয়াও ভাৰতবাসীৰ যুদ্ধ অব্যাহত আছে। আনবোৰ ৰাষ্ট্ৰৰ দৰে ভাৰতেও এই যুদ্ধত বহু কষ্টৰ মাজেৰে যুঁজ অব্যাহত ৰাখিছে। এই যুদ্ধত বহুলোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে। তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আমি সমবেদন জ্ঞাপন কৰিছো। এইধৰণৰ মহামাৰী পূৰ্বে বিশ্ববাসীয়ে দেখা নাছিল বা অনুভৱ কৰা নাছিল।' তেওঁ লগতে কয়- ২১ জুন (বিশ্ব যোগ দিৱস)ৰপাছত ১৮ বছৰ বয়সৰ সকলো নাগৰিকক ভাৰত চৰকাৰ আৰু ৰাজ্য চজৰাকৰে ভেকচিন প্ৰদান কৰিব। এই কোভিড ভেকচিন সমূহ ৭৫ শতাংশ কেন্দ্ৰ চৰকাৰে ক্ৰয় কৰিব আৰু বিনামূলীয়াকৈ ৰাজ্য চৰকাৰসমূহক প্ৰদান কৰিব।

দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্ৰী মোডীয়ে প্ৰধানমন্ত্ৰী দুখীয়া কল্যাণ অন্ন যোঁজনাৰ কাম দীপাৱলীৰ পূৰ্বে আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰি কয় – প্ৰতিগৰাকী দৰিদ্ৰ শ্ৰেণীৰ লোকে নিৰ্ধাৰিত পৰিমানৰ বিনামূলীয়া ৰেচন নবেম্বৰলৈ লৈভ কৰিব।

দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্ৰীয়ে কোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ঃ

  • কোভিডৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰায় ডেৰ বছৰৰ এই সময়চোৱাত ভাৰতত নতুন স্বাস্থ্যৰ ক্ষেত্ৰৰ আন্তঃগাঁথনি গঢ় লৈ উঠিছে।
  • কোৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত এপ্ৰিল-মে' মাহত অক্সিজেনৰ প্ৰয়োজনীয়তা অকল্পনীয়ভাৱে বৃদ্ধি পাইছে। দেশত ইয়াৰ পূৰ্বেও কেতিয়াও ইমান পৰিমানৰ অক্সিজেনৰ প্ৰয়োজন অনুভৱ কৰা হোৱা নাছিল।
  • মেকিডেল অক্সিজেন উৎপাদন পূৰ্বতকৈ ১০ গুণ বৃদ্ধি কৰা হয়।
  • মহামাৰীৰ এই সময়ত প্রশ্ন উত্থাপন হৈছিল যে ভাৰতৰ দৰে বৃহৎ জনসংখ্যা থকা এখন দেশে কেনেকৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিব। কিন্তু লক্ষ্য আৰু নীতি-আদৰ্শ যদি সঠিক হয় তেন্তে সুফল লাভ কৰা যায়।
  • আজি দেশত ২৩ কোটি লোকক কোভিড ভেকচিন দিয়া হৈছে।
  • আমাৰ বিশ্বাস আছিল যে ভাৰতৰ বৈজ্ঞানিক সকলে অতি কম সময়ৰ ভিতৰতে ভেকচিন প্ৰস্তুত কৰি উলিয়াব।
  • আমি যি ধৰণে আগবাঢ়িছো তাৰ পৰা বুজিব পাৰি যে টীকাকৰণৰ গতি আৰু অধিক বৃদ্ধি পাব। বৰ্তমান ৭টা ভেকচিন কোম্পানীয়ে কাম কৰি আছে। আৰু তিনিটা কোম্পানী এই কামৰ সৈতে জড়িত হ'ব।
  • আমি প্রথমে স্বাস্থ্য কৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীক ভেকচিন দিয়াৰ সিদ্ধান্ত লৈছিলো, কাৰণ তেওঁলোকেই সৰ্বাধিক বিপদৰ সন্মুখীন হয়। কল্পনা কৰক কোভিডৰ দ্বিতীয় ঢৌৰ পূৰ্বে ভেকচিন তেওঁলোকে নাপালে কি পৰিস্থিতি হ'ল হেঁতেন। আমি পৰ্যায়ক্ৰমে টীকাকৰণৰ কাম আগবঢ়াই নিছিলো। তাৰপাছত আমি বৃদ্ধ-বৃদ্ধা লোকসকলক ভেকচিন প্ৰদান কৰিছো।
  • শিশু সকলৰ বাবে কোভিড ভেকচিনৰ ট্ৰায়েল চলি আছে। নেজল ভেকচিনত ওপৰত পৰীক্ষা চলি আছে। যি ভেকচিন নাকৰ ছিদ্ৰৰে দিয়া হ'ব।
  • আমি সজাগ আৰু সাৱধান থাকিব লাগিব যাতে কোৰোনাৰ পৰা বাচি থাকো। আমাৰ বিশ্বাস কোৰোনাৰ বিৰুদ্ধে এই যুঁজত ভাৰত জয়ী হ'ব। ধন্যবাদ।