গহপুৰৰ প্ৰবীণ ৰাজনীতিক,বিশিষ্ট সমাজকৰ্মী হোমলাল শৰ্মাৰ মৃত্যু,গহপুৰত শোঁকৰ ছাঁ

গহপুৰৰ প্ৰবীণ ৰাজনীতিক,বিশিষ্ট সমাজকৰ্মী হোমলাল শৰ্মাৰ মৃত্যু,গহপুৰত শোঁকৰ ছাঁ

গহপুৰৰ প্ৰবীণ ৰাজনীতিক,বিশিষ্ট সমাজকৰ্মী হোমলাল শৰ্মাৰ মৃত্যু,গহপুৰত শোঁকৰ ছাঁ

ডিজিটেল সংবাদ, ছয়দুৱাৰ, : গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত চন্দামাৰী বঙালী নিবাসী প্ৰবীণ ৰাজনীতিক,বিশিষ্ট সমাজকৰ্মী হোমলাল শৰ্মা(৭৯) আৰু নাই।তেজপুৰ মেডিকেল কলেজ হস্পিতালত আজি বিয়লি প্ৰায় এক বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই।হৃদৰোগ আৰু ক'ভিডত আক্ৰান্ত হৈছিল শৰ্মা।সুদীৰ্ঘ দিন সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনলৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা শৰ্মাৰ মৃত্যুত সমগ্ৰ গহপুৰ মহকুমাত গভীৰ শোঁকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে,২০১৭ চনৰ পৰা হৃদৰোগৰ নিয়মীয়া চিকিৎসা গ্ৰহণ কৰি অহা হোমলাল শৰ্মাৰ যোৱা ৯ দিনৰ পৰা স্বাস্থ্যৰ সামান্য অবনতি ঘটাত পৰিয়ালৰ লোকে স্থানীয় ভাবে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে যদিও তেওঁৰ স্বাস্থ্যৰ উন্নতি নোহোৱাত কালি আগবেলা বিশ্বনাথ চাৰিআলিৰ কে.পি মেমৰিয়েল হস্পিতাললৈ চিকিৎসাৰ বাবে লৈ যায়। হস্পিতালখনৰ চিকিৎসকে তেওঁৰ যাবতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে ক'ভিড পৰীক্ষাও কৰে।

চিকিৎসকৰ পৰীক্ষাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু জটিল বুলি ধৰা পৰাৰ লগতে ক'ভিডতো আক্ৰান্ত হোৱাৰ বাবে তেওঁক লগে লগে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। সেই অনুসৰি তেওঁক কালি আবেলি তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱাৰ পিছত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হয় যদিও ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অধিক অবনতি ঘটি আজি বিয়লি প্ৰায় ১ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।ইতিমধ্যে দুপালি কৰোনা প্ৰতিষেধক গ্ৰহণ কৰা শৰ্মাৰ মৃত্যু সম্পৰ্কত পৰিয়ালৰ লোকক তেজপুৰ মেডিকেল কলেজ হস্পিতালৰ চিকিৎসকে প্ৰকাশ কৰি কয় যে তেওঁৰ ক'ভিড পজিটিভ ধৰা পৰিলেও হৃদৰোগত গুৰুতৰ ভাবে আক্ৰান্ত হোৱাৰ ফলতহে তেওঁৰ মৃত্যু হৈছে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকৰ বন্যা বৈছে সমগ্ৰ গহপুৰ মহকুমাত।

সুদীৰ্ঘ দিন ৰাজনীতি আৰু সমাজ জীৱনৰ সৈতে একাত্ম হৈ দহৰ উন্নয়নৰ হকে আন্তৰিকতাৰে সেৱা আগবঢ়াই অহা বৰ্ষীয়ান ৰাজনীতিক হোমলাল শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী একনিষ্ঠ সেৱক আছিল। তেওঁ অবিভক্ত শোণিতপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি, গহপুৰ ব্লক কংগ্ৰেছৰ সভাপতি,অবিভক্ত হেলেম আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু বিশ্বনাথ মহকুমা পৰিষদৰ সদস্যৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল।মৃত্যু পৰ্য্যন্ত তেওঁ ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ সমন্বয় ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্বত অধিষ্ঠিত আছিল। অবিভক্ত শোণিতপুৰ জিলাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এটা অতি চিনাকি নাম সকলোৰে প্ৰিয়ভাজন হোমলাল শৰ্মাৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা,প্ৰাক্তন বিধায়িকা মণিকা বৰা,বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিদ্যুৎ বিজয় বৰুৱা, পৰাণ চলিহা,ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটি, বিশ্বনাথ জিলা কংগ্ৰেছ কমিটি, গহপুৰ সেৱা দল,এন এছ ইউ আই,যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ,অসম গোৰ্খা সন্মিলন গহপুৰ জিলা সমিতিৰ সভাপতি পুষ্প কুমাৰ প্ৰধান, কাৰ্য্যকৰী সভাপতি নাৰায়ণ ঘিমিৰে,সাধাৰণ সম্পাদক জয় দাহাল,বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱা, বিশ্বনাথ জিলা গোৰ্খা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল সুতাৰ,টকৌবাৰী মণ্ডল উপস্থিত থাকে ।

লগতে কংগ্ৰেছ,টকৌবাৰী ব্যৱসায়ী সন্থা,হেলেম প্ৰেছ ক্লাব, কাউৰীপথাৰ চেণ্টাৰ উন্নয়ন সমিতি, ছয়দুৱাৰ নেপালী সাহিত্য পৰিষদৰ সভাপতি ভবেন আচাৰ্য্য,কাৰিবিল গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ঘণশ্যাম চুবেদী,মধ্যছয়দুৱাৰ সুৰভি সাহিত্য সমাজ, ছয়দুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা,টকৌবাৰী গাও পঞ্চায়তৰ সভানেত্ৰী চম্পা বস্নেত, যুৱ সমাজকৰ্মী ৰত্ন বস্নেত আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।মৃত্যুৰ সময়ত তেওঁ এগৰাকী পুত্ৰ, বোৱাৰী, তিনিগৰাকীকৈ জী-জোৱাই, নাতি-নাতিনী আৰু বহু আত্মীয় স্বজনক ইহসংসৰাত এৰি থৈ গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in