মুখ্য-পৃষ্ঠা

কি কৰিলে বাবু ৰাওৱে! থানাত হাজিৰ হ'বলৈ জৰুৰী চমন কলকাতা আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: চিনেমা নহয়, মন গ'লেই যি তি সংলাপ মাতিব পৰা অধিকাৰ সকলোতে নাথাকে । স্থান গুজৰাট, নিৰ্বাচনৰ বতৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱল।

সংলাপ ঠিকেই আওৰালে বিজেপিৰ নেতা তথা অভিনেতা গৰাকীয়ে। আন নেতাই দিয়াৰ দৰে নিৰ্বাচনী সভাত অংশ লৈ ভোটাৰক উদ্দেশ্য কৰি ক'লে এতিয়া গেছৰ চিলিণ্ডাৰৰ বৰ দাম । কিন্তু তেওঁলোকে বেছি টকা ভৰি গেছ কিনিব নালাগে। কম মূল্যতে পাব গেছৰ চিলিণ্ডাৰ।

লগতে অভিনেতা গৰাকীয়ে বিজেপিক ভোট দিলে চাকৰি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিলে। যদি বাংলাদেশী আৰু ৰোহিংগীয়া দিল্লীৰ দৰে চৌপাশে বাস কৰে তেনেহ'লে তেওঁলোকৰ অৱস্থা কি হ'ব।

আকৌ গেছৰ চিলিণ্ডাৰৰ প্ৰসংগ টানি আনি পৰেশ ৰাৱলে ভোটাৰক সুধিছিল-গেছৰ চিলিণ্ডাৰেৰে তেওঁলোকে কি কৰিব। বেংগলী বিলাকে মাছ বনাব। ৰাৱলৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে পশ্চিমবংগত গোচৰ ৰুজু কৰিছিল চিপিআইৰ নেতা চেলিমে। ভাৰতীয় দণ্ডবিধি 153a,153 B, 504,505 ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল।

সেই গোচৰৰ ভিত্তিতেই অভিনেতা গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কলকাতা আৰক্ষীয়ে ৰাৱলক সোধ পোচৰ বাবে সোমবাৰে হাজিৰ হ'বলৈ চমন জাৰি কৰিছে। ১২ ডিচেম্বৰৰ আগতেই কলকাতা আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব অভিনেতা পৰেশ ৰাৱল।

আৰু পঢ়ক: তেজপুৰ সাহিত্য সভাৰ উদ্যোগত মুকুল গোস্বামীৰ কাব্যগ্ৰন্থ "সময় নাছিল নে হাতত আই" উন্মোচন