মুখ্য-পৃষ্ঠা

বিষ্ণুৰাভা দিৱস উপলক্ষে অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা…

asomiyapratidin

বিষ্ণুৰাভা দিৱস উপলক্ষে অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা…

ডিজিটেল সংবাদ মঙলদৈঃ আগন্তুক বিষ্ণু ৰাভা দিৱস উপলক্ষে দৰং জিলা সাহিত্য সভাই শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে শিশু সকলৰ মাজত অনুষ্ঠিত কৰিছে এক অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা' শীৰ্ষক এই চিত্ৰাংকন প্ৰতিযোগিতাত অষ্টম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

দেশত চলি থকা কোৰোনা মহামাৰীৰ আটংক আৰু লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই চিত্ৰাংকন প্ৰতিযোগিতা অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব।প্ৰতিযোগিতাখনত দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত যিকোনো শাখাৰ, যিকোনো বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।অংশগ্ৰহণকাৰীসকলে ঘৰতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ চিত্ৰ অংকণ কৰি চিত্ৰৰ তলত নিজৰ নাম,পঢ়ি থকা শ্ৰেণী, পঢ়ি থকা স্কুলৰ নাম, শাখা সাহিত্য সভাৰ নাম লিখি শাখা সাহিত্য সভাৰ সম্পাদক বা কুঁহিৰ আহ্বায়কৰ জৰিয়তে ৭০৮৬৭৮৬৪৮১ ফোন নম্বৰত ১৮ জুন ২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।

প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আগন্তুক ২০ জুনত জিলা সাহিত্য সভাই আয়োজন কৰিবলগীয়া ৰাভা দিৱসৰ মুকলি সভাত পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী আৰু জিলা সাহিত্য সভাৰ কুঁহি ৰ আহ্বায়ক প্ৰবীণ বৰুৱাই জনাইছে।