নগাঁও কলা মন্দিৰত একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ...
নগাঁও কলা মন্দিৰত একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ... 
মুখ্য-পৃষ্ঠা

নগাঁও কলা মন্দিৰত একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও কলা মন্দিৰৰ প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা শুভ উদ্বোধন কৰি বিশিষ্ট নাট্যকাৰ-নাট পৰিচালক-অভিনেতা ঐশ্বৰ্য কাকতিয়ে কয় যে, নাটক আৰু জীৱন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷

নাটকে মোক জীৱন দিছে ৷ জীৱনে মোক নাটক দিছে ৷ সৃষ্টিশীল মানুহৰ মৃত্যুৰ ভয় নাই। সৃষ্টিশীলতাই কৃষ্টিক জীয়াই ৰাখে ৷ প্ৰয়াত অভিনেতা নিপন গোস্বামী আৰু অভিনেতা দিনেশ দাসৰ লগত নগাঁৱত কৰা অভিনয় জীৱনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে বিশিষ্ট অভিনেতা-পৰিচালক- নাট্যকাৰগৰাকী ৷

তেওঁ লগতে নগাঁৱৰ বহু নাট্য জগতৰ অৱদানৰ কথা উল্লেখ কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট লোকক নগাঁও কলা মন্দিৰৰ আজীৱন সভ্যৰ সম্বদ্ধৰ্না পত্ৰ আৰু একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনোৱা হয় নগাঁও কলা মন্দিৰৰ তৰফৰ পৰা ।

দুদিনীয়াকৈ আয়োজিত নাট প্ৰতিযোগিতাৰ বিচাৰক হিছাপে উপস্থিত থাকে বিশিষ্ট নাট পৰিচালক পুৰ্ণ্যদা বৰা, নাট্য শিল্পী ভাস্কৰ ডেকা, তপন বৰা ৷ তেওঁলোকক সহযোগ কৰে উৎপল বৰা আৰু উপৎল শইকীয়াই।

সাংস্কৃতিক কৰ্মী গৌৰাঙ্গ বৰাই আতঁধৰা অনুষ্ঠানটিত ডাক্তৰ কেশৱানন্দ গোস্বামী, গল্পকাৰ শিৱানন্দ কাকতি, ৰঞ্জিত তামুলী ফুকন, কলংপাৰ কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ গুৰমাইল সিং, নগাঁও পৌৰ সভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সিমান্ত বৰা, সমাজ সেৱক মহেন্দ্ৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, দেৱজিৎ হাজৰিকা, বিৰিঞ্চি কুমাৰ ডেকা, দ্বীপেন শইকীয়া, অধ্যাপিকা ড০ ত্ৰিৱেণী শইকীয়া, ধৰ্ম্মপ্ৰসাদ গোস্বামী, বিজয় বৰঠাকুৰকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট গণ্যমান্য লোক উপস্থিত থাকে ৷

অনুষ্ঠানৰ আৰম্ভণিতে নগাঁও কলা মন্দিৰৰ স্থানীয় মহিলা শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতে উপস্থিত সকলোকে আপ্লুত কৰি তোলে ৷ উল্লেখ যে, বিগত বৰ্ষসমূহৰ দৰে দুদিনীয়াকৈ আয়োজিত সদৌ অসম ভিত্তিত নাট প্ৰতিযোগিতাত মুঠ ১৯ খন একাংকিকা নাটকে অংশগ্ৰহণ কৰিছে বুলি নগাঁও কলা মন্দিৰৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে জানিব দিছে ৷