নগাঁৱত ভয়ংকৰ ৰূপত বৃদ্ধি এইডছ আক্ৰান্তৰ সংখ্যা
নগাঁৱত ভয়ংকৰ ৰূপত বৃদ্ধি এইডছ আক্ৰান্তৰ সংখ্যা 
মুখ্য-পৃষ্ঠা

নগাঁৱত ভয়ংকৰ ৰূপত বৃদ্ধি এইডছ আক্ৰান্তৰ সংখ্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ইনটিগ্ৰেটেড কাউন্সিলিং এণ্ড টেষ্টিং চেন্টাৰ ( আই চি টি চি)ৰ পৰা পোৱা তথ্য অনুসৰি, নগাঁও জিলাত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত মাত্ৰ ১০ টা মাহতেই মুঠ ৫৮৫ গৰাকী এইডছ আক্ৰান্ত চিনাক্ত কৰা হৈছে।

এওঁলোকৰ ভিতৰত ৫৬১ গৰাকী পুৰুষ আৰু ২৪ গৰাকী মহিলা। জিলাখনত ২০১৯ বৰ্ষত ৬৭ গৰাকী, ২০২০বৰ্ষত ৩৯ গৰাকী, ২০২১ বৰ্ষত ২৬০ গৰাকী লোক মাৰাত্মক এইডছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।

২০১৯ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০২২ বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত জিলাখনত মুঠ ৯৫১ গৰাকী লোক এইডছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। বিগত চাৰিটা বছৰৰ ভিতৰত ২০২২ বৰ্ষটোতেই জিলাখনত সৰ্বাধিক সংখ্যক এইডছ আক্ৰান্তক চিনাক্ত কৰা হৈছে।

নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰতো মুঠ ৬৪গৰাকী কয়দী এইডছত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ৩৬ গৰাকী এইডছ আক্ৰান্ত আৰু নগাঁও বিশেষ কাৰাগাৰত ২৮গৰাকী এইডছ আক্ৰান্ত কয়দী আছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

অসুৰক্ষিত যৌন সম্পৰ্ক আৰু ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবেই জিলাখনত এইডছ আক্ৰান্ত লোকৰ সংখ্যা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি চেন্টাৰৰ পৰা পোৱা তথ্য অনুসৰি, এই চেন্টাৰৰ জৰিয়তে ২০১৫চনৰ পৰা ২০২২বৰ্ষ পৰ্যন্ত ১৩০০ এইডছ আক্ৰান্ত লোকে যাৱতীয় চিকিৎসা গ্ৰহণ কৰিছে।

এওঁলোকৰ ভিতৰৰ ১০০০ গৰাকী পুৰুষ আৰু ৩০০ গৰাকী মহিলা। আই চি টি চি চেন্টাৰত (এইডচ ৰোগ নিৰ্ণয় কেন্দ্ৰ) পৰীক্ষাৰ পাছত জিলাখনত চলিত বৰ্ষৰ মাত্ৰ দহটা মাহতে (জানুৱাৰীৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত) ৫৮৫ গৰাকী লোকৰ দেহত এইচ আই ভি এইডছৰ বীজানু থকাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে।

অৱশ্যে নগাঁও জিলাত এইডছ আক্ৰান্ত লোকৰ সংখ্যা চৰকাৰী সংখ্যাতকৈ আৰু আধিক হোৱাৰ আশংকা আছে। ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আই চি টি চি অৰ্থাৎ ইনটিগ্ৰেটিভ কাউঞ্চিলিং এণ্ড টেষ্টিং চেন্টাৰত লক্ষাধিক লোকে আহি কাউন্সিলিং কৰাৰ বিপৰীতে এইড আই ভি পৰীক্ষা কৰোৱা লোকৰ সংখ্যা সীমিত ।

জিলাখনত এইডছ ৰোগ চিনাক্তকৰণৰ বাবে মুঠ তিনিটা আই চি টি চি কেন্দ্ৰ আছে।আই চি টি চি কেন্দ্ৰ কেইটা ক্ৰমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, ধিং এফ আৰ ইউ আৰু জখলাবন্ধা এফ আৰ ইউত আছে।

এই চি টি চি কেন্দ্ৰ সমূহত চিনাক্ত কৰা এইডছ আক্ৰান্ত ৰোগীসকলক চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি চেন্টাৰলৈ পঠিওৱা হয়।তাৰ পৰাই তেওঁ লোকক নিয়মীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়।