খেতিসমূহে আকৰ্ষণ কৰে ৰাইজক
খেতিসমূহে আকৰ্ষণ কৰে ৰাইজক 
মুখ্য-পৃষ্ঠা

নুমলীগড় উঃ মাঃ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ পদক্ষেপ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে। দেওবাৰে বন্ধৰ দিনটো বিদ্যালয়খনত অনুষ্ঠিত হয় বিশেষ পৰীক্ষা। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নতুন নিয়ম অনুসৰি এম চি কিউ পৰীক্ষা হ'ব।

আজি ছাত্ৰ ছাত্ৰীক এই ক্ষেত্ৰত উপকৃত কৰাৰ লক্ষ্যৰে এম চি কিউ পৰীক্ষা বুলি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই জানিবলৈ দিয়ে যে ৯৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজ এম চি কিউ পৰীক্ষা আয়োজন কৰা হয়। চাৰিটা বিষয়ত আজি এই পৰীক্ষা আয়োজনৰ লগতে নিয়মীয়া আৰু দেওবৰীয়া হোম ভিজিট অব্যাহত আছে।

ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্যৰে এম চি কিউ পৰীক্ষা

বিদ্যালয়খনত আছে এখন নানা ৰঙী ফুলৰ বাগিছা। বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষক মহেন শ‍ইকীয়াৰ নেৰানেপেৰা চেষ্টাৰ বলত বিদ্যালয়খনৰ নৈসর্গিক পৰিৱেশে সকলোকে মোহিত কৰে । বিভিন্ন প্ৰজাতিৰ কপৌফুল , এজাৰ , কৃষ্ণচূড়া , ৰাধাচূড়াৰ লগতে আন ভিন্নৰঙী ফুলে চালে চকু ৰোৱা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।

বিদ্যালয়খনৰ ভূত জলকীয়া , আদা , চজিনা আৰু কলকে আদি কৰি খেতিসমূহে আকৰ্ষণ কৰে ৰাইজক। বান্দৰৰ সন্ত্ৰাসৰ মাজতে এনে পৰিৱেশ দেখি খন্তেকৰ বাবে হ'লেও ৰৈ যায় পথচাৰী। সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ সৃষ্টিত বিশেষ ভূমিকা গ্ৰহণ কৰা বিদ্যালয়খনক লৈ নলেজ ইউনিভাৰ্ছ ... ’ নামৰ এটা ইউটিউব চেনেলে বিদ্যালয়খনৰ পৰিৱেশৰ সৌন্দর্যতাক লৈ ‘ পুষ্প কানন হ'লগৈ এখন হাইস্কুল ' নামৰ ভিডিঅ ’ এটা সম্প্ৰচাৰ কৰিছিল ।

এই ভিডিঅ’টো বিয়পি পৰাৰ পাছত জাপানী ইউটিউব চেনেল এটায়ো প্রশংসা কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে সম্প্রতি ১০৪২ গৰাকী ছাত্র ছাত্রীয়ে শিক্ষা গ্রহণ কৰি থকা বিদ্যালয়খনত আজিও শিক্ষকৰ পদ খালী হৈ থকাৰ ফলশ্রুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাত পৰিব লগা হয় বুলিও বিদ্যালয় কর্তৃপক্ষই প্ৰকাশ কৰিছে ।

ইপিনে , বিদ্যালয়খনৰ আন্তঃগাঁথনি সুন্দৰ হোৱাৰ উপৰি বিদ্যালয়খনত অসমৰ ভিতৰতে প্ৰথম বিদ্যালয়ত ক্ষুদ্র সংগ্রহালয় ' কলা কৃষ্টিৰ কুটীৰ ’ আৰু গোলাঘাট জিলাখনৰ ভিতৰতে প্ৰথম স্বৰূপে ‘ মেথ্ছ লেব ’ প্রতিষ্ঠা কৰিছে ।

ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন ক্ষেত্ৰত উৎকর্ষ সাধন কৰিব পৰা সা সুবিধাসমূহ থকাৰ ফলশ্ৰুতিত বিদ্যালয়ত ছাত্ৰ - ছাত্ৰীয়ে নামভৰ্তিৰ সময়ত প্ৰতি বছৰেই ভিৰ কৰা পৰিলক্ষিত হয় যদিও শিক্ষকৰ অভাৱত বহু ছাত্র - ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জনায়।

আজি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হাতে লিখা আলোচনী প্ৰকাশৰ লগতে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। তদুপৰি বিশ্ববিদ্যালয়খনত অবিৰতভাৱে ২৩ সংখ্যক মুখপত্ৰ নুমলী প্ৰকাশ কৰিছে।