মুখ্য-পৃষ্ঠা

উত্তপ্ত এন আৰ এলৰ মুখ্য প্ৰৱেশ দ্বাৰ ; দ্বাৰ অৱৰোধেৰে এন আৰ এল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ । মুখ্য দ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰত এপ্ৰেন্টিশ্বিপৰ নিবনুৱাসকলে।

দ্বিতীয় বৰ্ষত শিক্ষা নবিচ হিচাপে এই যুৱকসকলে স্থায়ী নিযুক্তিৰ দাবীত মুখ্যদ্বাৰ অৱৰোধ কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ ফলত মুখ্যদ্বাৰত সৃষ্টি হয় যান-জটৰ লগতে উত্তেজনা ।

উত্তপ্ত এন আৰ এলৰ মুখ্য প্ৰৱেশ দ্বাৰ

শোধনাগাৰৰ মুখ্যদ্বাৰৰ লগতে সন্মুখেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ । শীঘ্ৰেই এইসকল শিক্ষা নবিচক স্থায়ী নিযুক্তি নিদিলে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷