মুখ্য-পৃষ্ঠা

কৰ্মৰত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত এন আৰ এল! কৰ্মবিৰতি পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : ঐতিহাসিক অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰত সুৰক্ষা ক্ষেত্ৰত হোৱা চৰম হেমাহিৰ ফলশ্ৰুতিত মঙলবাৰে শৰৎ বৰা (৪৬) নামৰ যুৱকজনে পাইপৰ চেপাত থিতাতে মৃত্যুক আঁকোৱালি ল'ব লগা লৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰেও শোধনাগাৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

আজি শ্ৰমিক ৰাইজে কৰ্মবিৰতি পালন কৰি শোধনাগাৰ প্ৰকল্প স্তব্ধ কৰি তোলে। তদুপৰি, আজি নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰ তথা মুখ্য দ্বাৰত পৃথকে-পৃথকে প্ৰতিবাদী দ্বাৰসভা পাতি শোধনাগাৰৰ সহস্ৰাধিক শ্রমিকে কৰা ঐক্যবদ্ধ প্ৰতিবাদেৰে শোধনাগাৰ চৌহদ কঁপাই তোলে।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ প্ৰকল্প সম্প্ৰসাৰণৰ কামত মুখ্য পৰামৰ্শদাতা হিচাবে নিয়োজিত 'টেকনিপ এনাৰ্জি' নামৰ কোম্পানীৰ তদাৰকীৰে 'পাঞ্জাৱ ইঞ্জিনীয়াৰিং' নামৰ কোম্পানীয়ে সম্পূৰ্ণ সুৰক্ষাজনিত নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি নিৰ্মাণকাৰ্য চলাই গৈছিল। যাৰ ফলশ্ৰুতিতে কালি এডাল প্ৰকাণ্ড লোহাৰৰ পাইপ বাগৰি আহি বোকাখাত-কুৰুৱাবাহীৰ নিবাসী শৰৎ বৰাৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। ইয়াৰ ফলত থিতাতে নিহত হোৱা শ্ৰমিকজনক ন্যায় প্ৰদানৰ লগতে সুৰক্ষা ব্যৱস্থা বিধিগত কৰি তোলাৰ দাবী জনাই আজি এন আৰ এলৰ হাজাৰ হাজাৰ শ্ৰমিক একত্ৰিত হৈ পুৱা ভাগতেই প্ৰতিবাদ সাব্যস্ত কৰে।

শোধনাগাৰৰ মূখ্য প্ৰবেশদ্বাৰ আৰু প্ৰগতি দ্বাৰ অবৰোধেৰে দ্বাৰসভা অনুষ্ঠিত কৰি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন, নুমলীগড় শোধনাগাৰ ৱৰ্কাৰচ ইউনিয়নসহ কে'বাটাও শ্ৰমিক সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এই সময়চোৱাত অহা ১৪ দিনৰ ভিতৰত ঘটনাৰ তদন্ত কৰি দোষী কোম্পানীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ লগতে মৃত শ্ৰমিক শৰৎ বৰাৰ পৰিয়ালক এন আৰ এলৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদানৰ জোৰদাৰ দাবী উত্থাপন কৰে ৷

আনহাতে, শৰৎ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশেৰে শ্ৰমিক ৰাইজে শোক সভা অনুষ্ঠিত কৰি পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে শ্ৰমিক সকলে আজি স্বতঃস্ফূৰ্ত ভাবে কৰ্মৰ পৰা বিৰত থাকি শ্ৰমিক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায় ৷ ইপিনে, বোকাখাতৰ মৃত শ্ৰমিকজনক ন্যায় প্ৰদানৰ লগতে সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবীৰে গোলাঘাটৰ জিলা উপায়ুক্তলৈ বোকাখাত জিলা অ জা যু ছা প-ই স্মৰকপত্ৰ প্ৰেৰণ কৰে। একেদৰে আজি বিষয়টোৰ সন্দৰ্ভত সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে।