মুখ্য-পৃষ্ঠা

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত অজগৰ  উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপঃ  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ আবাসী এলেকাত বুধবাৰে  প্ৰায় ৫ ফুট দীঘল এটা অজগৰ উদ্ধাৰ হয়। তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসী এলেকাস্থিত নামঘৰৰ নলাত অজগৰটো প্ৰত্যক্ষ কৰে  স্থানীয় বাসিন্দাই। 

তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰবন্ধক মহম্মদ জাকিৰৰ উপস্থিতিত স্থানীয় বন বিভাগে    অজগৰটো উদ্ধাৰ কৰি ওচৰৰে  জয়পুৰ সংৰক্ষিত বনাঞ্চলত অজগৰটো এৰি দিয়ে।