মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নগাঁৱৰ ভাস্বত, সোণৰ পদক লাভ কৰিলে...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্ট এণ্ড আৰ্ট টিচাৰ্চ আৰ্ট ২০২২ প্ৰতিযোগিতাত ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰি নগাঁৱৰ ভাস্বত জ্ঞান কলিতাই সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ভাস্বত জ্ঞান কলিতাই অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰাৰ লগতে সোনৰ পদক লাভ কৰে ৷ ভাস্বত জ্ঞান কলিতা নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবছৰে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আৰ্টে বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতা আয়োজন কৰে ৷ এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনিত তামিলনাডু , মহাৰাষ্ট্ৰ , গুজৰাট , অসম , গোৱা , উৰিষ্যা , কৰ্নাটক , পশ্চিমবংগ , পাঞ্জাব , ত্ৰিপুৰা , মধ্যপ্ৰদেশ , মিজুৰাম , কেৰেলা , মহাৰাষ্ট্ৰ , ৰাজস্হান , নতুন দিল্লী আদিৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল ৷

অসমৰ নগাঁৱৰ পৰা ভাস্বত জ্ঞান কলিতাই দ্বিতীয় শ্ৰেণীৰ শাখাত অংশগ্ৰহণ কৰিছিল ৷ প্ৰতিযোগিতা খনিৰ ফলাফল বুধবাৰে ঘোষনা কৰে বেগালুৰুৰ পৰা ৷ ভাস্বত জ্ঞান কলিতাৰ এই সফলতাত আনন্দিত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ অধ্যক্ষ প্ৰদীপ মজুমদাৰৰ লগতে সকলো প্ৰশিক্ষক ৷ নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ দ্বিত্বীয় মানৰ ছাত্ৰ ভাস্বত জ্ঞান কলিতা পুৰণিগুদাম নাম পানী গাঁৱৰ পৰিজ্ঞান কলিতা আৰু মিতালী শইকীয়াৰ পুত্ৰ ৷

আৰু পঢ়ক: বিজেপি ৰ'ল পিছপৰি! দিল্লী পৌৰ নিৰ্বাচনত পুনৰ আপৰ জয়...