এম টি অ’ৰ এক লিটাৰ তেলেৰে সমগ্ৰ নিশা তহল দিয়ে নগাঁও আৰক্ষীয়ে...
এম টি অ’ৰ এক লিটাৰ তেলেৰে সমগ্ৰ নিশা তহল দিয়ে নগাঁও আৰক্ষীয়ে... 
মুখ্য-পৃষ্ঠা

এম টি অ’ৰ এক লিটাৰ তেলেৰে সমগ্ৰ নিশা তহল দিয়ে নগাঁও আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : মধ্য অসমৰ এক গুৰুত্বপূৰ্ণ চহৰ নগাঁও ৷ চহৰখনত সংঘনে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা ৷ চোৰৰ উপদ্ৰপত এতিয়া নিদ্ৰাহৰণ হৈছে চহৰবাসীৰ ৷

চহৰবাসীক সুৰক্ষা প্ৰদানৰ বাবে নগাঁও আৰক্ষীয়ে দিনে নিশাই কাম কৰি আহিছে ৷ মাজে মধ্যে আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰি আহিছে ৷ তাৰ মাজটো চোৰে নিৰ্বিবাদে চুৰি কাৰ্য চলাই যাবলৈ সক্ষম হৈছে ৷

নিশা পহৰা দিয়াৰ ক্ষেত্ৰত নগাঁও আৰক্ষী ব্যৰ্থ নেকি এই লৈ প্ৰশ্ন উঠিছে ৷ নিশা আৰক্ষীয়ে সঠিক ভাবে তহল নিদিয়ে নেকি ? এনে প্ৰশ্নৰ মাজতে তহলৰ ক্ষেত্ৰত আৰক্ষীৰ গাফিলতি থকাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷

আৰক্ষীৰ উচ্চ বিষয়াক অন্ধকাৰত ৰাখি এজন এছ আইয়ে চলোৱা কাণ্ডৰ বাবে নগাঁও চহৰত নিশা আৰক্ষীৰ টহলত গাফিলতি পোহৰলৈ আহিছে ৷ জানিব পৰা মতে নগাঁও চহৰত নিশা টহলৰ বাবে মটৰ চাইকেলত উঠি চহৰখনত পৰিভ্ৰমণ কৰে আৰক্ষীয়ে ৷

চাঞ্চল্যকৰ বিষয় এয়ে যে ৰাতি মটৰ চাইকেলত টহল দিবলৈ এম টি অ’ ৰ দায়িত্ব থকা এছ আই নয়ন নেৱাৰে পেট্ৰ'ল দিয়ে মাত্ৰ এক লিটাৰকৈ ৷ নিশাৰ পৰা পুৱালৈকে এক লিটাৰ তেল ভৰাই বৃহত্তৰ নগাঁও চহৰত টহল দিয়ে আৰক্ষীয়ে ৷

জানিব পৰা মতে ৮ জন আৰক্ষীয়ে নিশা চাৰিখন মটৰ চাইকেলত সমগ্ৰ নগাঁও চহৰ টহল দিব লাগে ৷ চাৰিখন মটৰ চাইকেলত চাৰিলিটাৰ পেট্ৰল ভৰাই কি দৰে আৰক্ষীয়ে তহল দিয়ে সেই কথা এক অবুজ সাথৰ ৷

প্ৰতিমাহত ২৫ লাখৰ পৰা ৩০ লাখ টকাৰ বিল প্ৰস্তুত কৰা এম টি অ’ নয়ন নেৱাৰে কিয় নিশা টহল দিব লগা আৰক্ষীক এক লিটাৰকৈ পেট্ৰল দিয়ে ই ৰহস্যজনক ৷ তেলৰ অভাবত নিশা কৰ্তব্যত নিয়োজিত আৰক্ষীয়ে তহল দিব নোৱাৰে ৷

সেয়ে নিশা ৰাইজেও তহলদাৰী আৰক্ষীকো বিপদৰ ক্ষণত তাৎক্ষণিক ভাবে সাক্ষাত নাপায় ৷ নিশা আৰক্ষীৰ নিৰ্লিপ্ততাৰ পূৰ্ণ সুযোগ সেয়ে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে চোৰে৷

একেদৰে চহৰখনত তিনিখনকৈ টাউন পহৰা চকী আছে ৷ এই পহৰা চকী কেইখন হৈছে ইটাচালি , মৰিকলঙ আৰু হয়বৰগাঁও টাউন আৰক্ষীচকী ৷ তিনিওখন টাউন পহৰা চকীয়ে নিশা নিজা নিজা এলেকাত টহলৰ বাবে আৰক্ষীক দায়িত্ব ন্যস্ত কৰে ৷

কিন্তু এম টি অ’ নেৱাৰে টহলৰ বাবে তিনিখন চাৰিচকীয়া গাড়ীৰ বাবে পৰ্যাপ্ত তেলৰ যোগান নিদিয়ে ৷ টহলৰ বাবে নিশা তিনি টাউন আৰক্ষী চকীয়ে তিনিখন গাড়ী লৈ ওলায় যদিও পথত নিশা মদ্যপান কৰা দুই এক লোকক ধৰি থানালে লৈ আহে ৷

আবকাৰীক গতাই নিদি মদ্যপায়ীক নিশাই বা পুৱা এৰি দি নিশাৰ তহলৰ দায়িত্ব পালন কৰি আহিছে চহৰৰ তিনি টাউন আৰক্ষী চকীয়ে ৷ ইয়াৰ বাহিৰেও নগাঁও সদৰ থানাৰ টাউন শাখাই চোৰ ধৰাতকৈ নিশা মদ্যপায়ীক আটক কৰাত ৰেকৰ্ড কৰি আহিছে ৷ শাখাৰ চি চি কেমেৰাই তাৰ প্ৰমান দিব ৷

প্ৰশ্ন হৈছে চহৰবাসীৰ নিৰাপত্তাৰ বাবে চৰকাৰে যোগান ধৰা তেলৰ ধন এম টি অ’ নয়ন নেৱাৰে ক’ত খৰছ কৰে ? প্ৰতিমাহে ২৫ ৰ পৰা ৩০ লাখ টকাৰ তেল বিল কেনেদৰে প্ৰস্তুত কৰে ? এই লৈ এতিয়া নগাঁও আৰক্ষীৰ মাজতে গুনাগঠা ৷