মুখ্য-পৃষ্ঠা

পত্নীৰ লগত নাছিল সু-সম্পৰ্ক! কেনেদৰে ছাদৰ পৰা পৰি মৃত্যু হ'ল ৰাজীৱৰ?

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপ: নামৰূপ বি ভি এফ চি এল আবাসী এলেকা চেক্টৰ এ' ৰ বাসিন্দা  গুণধৰ মোহনৰ পুত্ৰ ৰাজীৱ মোহন (৪০)ৰ সোমবাৰে নিশা মৃত্যু হয়। গুৱাহাটী বশিষ্ঠৰ এটা তিনিমহলীয়া ঘৰৰ ছাদৰ পৰা সন্দেহ জনক ভাৱে পৰি  মৃত্যু হোৱা ঘটনাই  নামৰূপত শোকৰ  ছাঁ পেলাইছে। 

ঘটনা সন্দৰ্ভত মৃতকৰ পিতৃ-মাতৃয়ে বুধবাৰে জনোৱা মতে ব্যৱসায় সূত্ৰে  পত্নীৰ সৈতে গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত বেলতলা পুৱেৰুণ পথত ভাড়া ঘৰত আছিল ৰাজীৱ। অভিযোগ অুসৰি পত্নীৰ লগত সু-সম্পৰ্ক নাছিল ৰাজীৱৰ।

পৰিয়াল কেন্দ্ৰিক অশান্তিৰ বাবেই ৰাজীৱ  সুৰাসক্ত হৈ  ৰিহাব চেণ্টাৰৰ আশ্ৰয় লৈ কিছু সুস্থ হৈ উঠিছিলহে মাঁথো ।  মাতৃয়ে জনোৱা মতে  বিগত কিছুদিন ৰাজীৱ নামৰূপত পিতৃ মাতৃৰ লগতে থাকি দেওবাৰে গুৱাহাটীত থকা পৰিয়ালৰ ওচৰলৈ  গৈছিল । 

কিন্তু পত্নীয়ে ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়াত দিনটো চাদৰ ওপৰতে থাকি অৱশেষত  নিশা ওচৰতে থকা বন্ধু  কোঠাতে  থাকিব বুলি মাতৃক ফোন কৰি জনাইছিল ৰাজীৱে।  সোমবাৰে  নিশা প্ৰায় ৮ বজালৈ মাতৃৰ লগতে মোবাইলত কথা  পাতিছিল প্ৰয়াত ৰাজীৱে।

 কিন্তু নিশা  ৯.৩০/১০ বজাত গুৱাহাটীৰ বশিষ্ঠ থানাৰ পৰা  মাতৃৰ ফোনলৈ ফোন কৰি   দুৰ্ঘটনাৰ  খৰৱটো  দিয়াত  শোকত ভাগি পৰে  পিতৃ-মাতৃ।   নিশাই  মৃতকৰ দদায়েক সহ পৰিয়ালৰ লোক  গুৱাহাটীলৈ  ৰাওনা হৈ মঙলবাৰে পুৱা বশিষ্ঠ থানাত উপস্থিত হয়।  পৰিয়ালৰ লোকে মৃতদেহৰ মূৰৰ পিছফালে প্ৰচণ্ড আঘাতৰ চিন  প্ৰত্যক্ষ কৰাৰ লগতে  পেটটো  খোছাৰ চিন দেখা  পাই  ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি বশিষ্ঠ থানাত ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে। 

মৃতদেহ গুৱাহাটীৰ জি এন আৰ চি ত  মৰণোত্তৰ পৰীক্ষা কৰি বুধবাৰে পুৱা  নামৰূপ পায়হি। নামৰূপত পূৰ্বৰে পৰা গোটখাই থকা আত্মীয় কুটুমে  মৃতদেহ সহ নামৰূপ থানাত উপস্থিত হৈ  ঘটনাৰ তদন্তৰ দাবী তোলে।

ইফালে শোকত বিহ্বলা মাতৃয়ে  অভিযোগ কৰে যে পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত  ঘটনা সন্দৰ্ভত বোৱাৰী ৰূপাঞ্জলি মোহনলৈ বাৰম্বাৰ ফোন কৰাৰ পিছতো  কোনো সঁহাৰি নাপালে।  লগতে  আজি মৃতদেহৰ লগতো পত্নী আৰু দুই সন্তান  নামৰূপলৈ   নহাক লৈ বোৱাৰী লৈও সন্দেহৰ  আঙুলি টোৱাইছে ৰাজীৱ মাতৃয়ে।  লক্ষণীয় যে   বোৱাৰী ৰূপাঞ্জলিৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা  জনৈক্য তালুকদাৰ  নামৰ ব্যক্তিৰ নাম উল্লেখ কৰি ৰাজীৱৰ সন্দৰ্ভত  মাতৃলৈ ফোন কৰি ধমক দিয়া বুলি  বিস্ফোৰক মন্তব্য কৰে মাতৃয়ে।

আৰু পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নগাঁৱৰ ভাস্বত, সোণৰ পদক লাভ কৰিলে...