ব্যৱসায়ী অনন্ত কাকতি
ব্যৱসায়ী অনন্ত কাকতি 
মুখ্য-পৃষ্ঠা

চমুৱাগাঁৱৰ ব্যৱসায়ী অনন্ত কাকতিৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী অনন্ত কাকতি(৪৮)ৰ সোমবাৰে নিশা প্ৰায় ২ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । নিশা ঘৰতে অসুস্থ অনুভৱ কৰা কাকতিক পৰিয়ালৰলোকে এম্বুলেঞ্চ সেৱা যোগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে, চমুৱাগাঁও তিনিআলিত পাণ-তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰা অনন্ত কাকতিয়ে কিছুবছৰ পূৰ্বে এক দুঘটনাত পতিত হৈ ভৰিৰ সক্ষমতা হেৰুৱাই পেলাইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে আত্মীয়-কুটুম্বক এৰি থৈ যায় ।

ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীৰ মৃত্যুত চমুৱাগাঁও তিনিআলি ব্যৱসায়ী সন্থাই দোকান বন্ধ কৰি তেওঁলৈ শোক প্ৰকাশ কৰে । মঙলবাৰে পুৱা প্ৰায় ১০ বজাত চমুৱাগাঁও শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে ।

আৰু পঢ়কঃ বিলাসীপাৰাত ড০ বাণীকান্ত কাকতিক স্মৰণ...