বৰবিল পথাৰ গাঁৱত ন-খোৱা উৎসৱ
বৰবিল পথাৰ গাঁৱত ন-খোৱা উৎসৱ 
মুখ্য-পৃষ্ঠা

বৰবিল পথাৰ গাঁৱত ন-খোৱা উৎসৱ পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢেকিয়াজুলিঃ আঘোণ মানেই অসমীয়াৰ ন-খোৱা উৎসৱ। পূৰ্বৰ পৰাই অসমৰ গ্ৰাম্যাঞ্চলত প্ৰচলিত হৈ আহিছে ন-ধানৰ চাউলেৰে সকলোৱে মিলি ন-খোৱা উৎসৱ। সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি এইবেলিও ঢেকিয়াজুলিৰ বৰবলি আৰু মেঘাইজাৰণি গাঁৱৰ ৰাইজে আয়োজন কৰে ন-খোৱা উৎসৱ।

পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস গঞাঁ ৰাইজৰ

ন-খোৱা উৎসৱক লৈ গাঁৱখনত পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। বৰবিল গাঁৱত থকা হাৰিয়ালি যুৱক সংঘৰ পিছফালে থকা বিশাল পথাৰত চাহ জনগোষ্ঠীৰ লোকসকলে ন-খোৱা উৎসৱটি ব্যাপক কাৰ্যসূচীৰে আয়োজন কৰে। গাঁৱৰ ৰাইজে অতিথিসকলক নিমন্ত্ৰণ কৰি আধুনিকতাৰ বিপৰিতে সম্পূৰ্ণ পৰম্পৰাগত থলুৱা খাদ্য-সম্ভাৰেৰে এসাঁজ খুৱাই ভাতৃত্ববোধৰ চানেকি দাঙি ধৰে।

থলুৱা খাদ্য সম্ভাৰেৰে ন-খোৱা উৎসৱ

ইয়াৰ জৰিয়ৰে গাঁৱখনৰ ৰাইজৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ প্ৰয়াস কৰে ৷ অসমীয়া চহা জীৱনৰ এই পৰম্পৰা অক্ষুন্ন ৰাখি ঢেকিয়াজুলিৰ বৰবিল পথাৰ গাঁৱৰ ৰাইজে ন খোৱা আয়োজন কৰি আধুনিকতাৰ ধামখুমীয়াত আজিও যে গ্ৰাম্য চহা জীৱনত পৰম্পৰা অটুট আছে তাক পুনৰ বাৰ দেখুৱালে ৷ এই কাৰ্যসূচীত আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা,সামাজিক ব্যক্তিলৈ সাংবাদিক সকলোৱে মিলি ন খোৱাৰ অনাবিল আনন্দ উপভোগ কৰে।