মুখ্য-পৃষ্ঠা

গোলাঘাটৰ অভয়জানত লোমহৰ্ষক হত্যাকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ লোমহর্ষক হত্যাকাণ্ডই জোকাৰি গ'ল গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত অভয়জান। হত্যাকাণ্ড সংঘটিত কৰি নিজ বাসগৃহৰ চৌহদত এৰি গ'ল মৃতদেহ।

বৃহস্পতিবাৰে বিয়লি স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। অকলশৰীয়াকৈ বাস কৰা ব্যক্তিজনক নিশা কোনো দুস্কৃতিকাৰীয়ে ডিঙি ৰেপি হত্যা কৰি এৰি গ'ল । মৃত ব্যক্তিজনৰ নাম হৰেণ ভক্ত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা স্থলীত উপস্থিত হৈছে বগীজান আৰক্ষী। বৰ্তমানলৈকে হত্যাকাণ্ড কাৰণ পোহৰলৈ অহা নাই।

আৰু পঢ়কঃ নগাঁও গ্ৰন্থমেলাত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন