পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত মুনজিতে !
পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত মুনজিতে ! 
মুখ্য-পৃষ্ঠা

পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত মুনজিতে !

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়াঃ নিয়তিৰ পৰিহাস ! দেহৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ নৌহওতেই ইহ সংসাৰ ত্যাগ কৰিলে মুনজিতে। অথায় সাগৰত এৰি থৈ গ'ল নতুনকৈ বিয়া পতা পত্নীক। মৃত্যুৰ পূৰ্বে কৈ গ'ল- তুমি এজন ভাল ল'ৰা চাই আকৌ বিয়াত বহিবা।

ৰঙিয়াৰ ৩০ বছৰীয়া যুৱক মুনজিত দাস। বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে নিজ পত্নীক লৈ ফুৰিবলৈ গৈছিল চিকিম। চিকিমত নিজ পত্নীক লৈ ফুৰি ঘৰলৈ ওভতাৰ পিছতে কোচবিহাৰৰ আলিপুৰদুৱাৰত হঠাৎ অসুস্থ হৈ পৰে।

উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ বাবে মুনজিতক কোচবিহাৰৰে এখন হাস্পতালত ভৰ্তি কৰায় পত্নীয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়খনৰ চিকিৎসকে মুনজিতক মৃত ঘোষণা কৰে।

দেহৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ নৌহওতেই এইদৰে ফুৰিবলৈ গৈ মুহূৰ্ততে বিধৱা হৈ পৰা পত্নীয়ে উপায়ন্তৰ হৈ স্বামীগৃহলৈ ফোন কৰি সকলো কথা বিৱৰী কয়। মুনজিতৰ মৃত্যুৰ খবৰ পোৱাত স্বামী গৃহতো হুৱাদুৱা লাগে।

ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ শম্ভুৰাম দাসৰ জ্যেষ্ঠ সন্তান মুনজিত কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। অতি শেহতীয়াকৈ মুনে আমেৰিকাৰ এটা বহুজাতিক প্ৰতিষ্ঠানত কৰ্মসংস্থাপন লাভ কৰিছিল।

সোমবাৰে কোচবিহাৰৰ পৰা মুনজিতৰ নশ্বৰ দেহ আহি ৰঙিয়াৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দোনৰ ৰোল উঠে। মুনজিতৰ এইদৰে অকাল মৃত্যুৱে ৰঙিয়াতো শোকৰ ছাঁ পেলাইছে।