মুখ্য-পৃষ্ঠা

পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মহিলাই হত্যা কৰিলে স্বামীক, পুতি থলে ঘৰৰ ভিতৰত…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাইৰ দহিসৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দহিসৰত এনে এক হত্যাকাণ্ড সংঘটিত হৈছে যিয়ে সকলোকে হতবাক কৰি তুলিছে। দৰাচলতে, মুম্বাই মহানগৰীৰ দহিসৰত ২৭ বছৰীয়া এগৰাকী মহিলাই প্ৰেমিকৰ সহায় লৈ হত্যা কৰিলে স্বামীক। তদুপৰি, স্বামীক হত্যা কৰি মৃতদেহটো ঘৰৰ ভিতৰতে পুতি থয়।এই হত্যাকাণ্ড পূৰ্ব পৰিকল্পিত আছিল কিয়নো মহিলাগৰাকীয়ে স্বামীক হত্যা কৰাৰ পাছদিনা খন আৰক্ষীৰ কাষ চাপে আৰু স্বামী নিৰুদ্দেশ হোৱা বুলি এক গোচৰ ৰুজু কৰে। উল্লেখ্য যে, ২০ মে'ত সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ ঘটনা। আৰু ২১ মে'ত আৰক্ষীৰ কাষ চাপিছিল মহিলাগৰাকী।

ইফালে, মহিলাগৰাকীৰ ব্যৱহাৰৰ প্ৰতি দৃষ্টি ৰাখি আৰক্ষীয়ে তেওঁক সন্দেহ কৰে। দহিসৰ আৰক্ষীয়ে ৰাৱলাপাড়াৰ খান কম্পাউণ্ডস্থিত মহিলাগৰাকীৰ ওচৰ চুবুৰীয়া লোকৰ সৈতে সোধা-পোছা কৰাত জানিবলৈ পাৰে যে মহিলাগৰাকীৰ কাষৰে এজন যুৱকৰ সৈতে পৰকীয়া প্ৰেম আছে। আৰু অমিত বিশ্বকৰ্মা নামৰ প্ৰমিকজনো ২১ মে'ৰ পৰা সন্ধানহীন হৈ আছে।

মুম্বাই আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত দিলীপ সাৱন্তে কয় যে, আৰক্ষীয়ে ১ জুনত মহিলাগৰাকীৰ ঘৰলৈ গৈ তেওঁক প্ৰেমিকৰ সন্দৰ্ভত প্ৰশ্ন কৰে যদিও তেওঁ উত্তৰ দিব নোৱাৰে। সেই সময়তে আৰক্ষীৰ দৃষ্টিত পৰে বাসগৃহৰ কাষতে চিমেন্টেৰে নতুনকৈ প্লাষ্টাৰ কৰা ঠাই এডোখৰ। তাৰপাছত আৰক্ষীয়ে তাত মাটি খান্দি উদ্ধাৰ কৰে মহিলাগৰাকীৰ স্বামীৰ মৃতদেহ।

মুম্বাই আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত দিলীপ সাৱন্তে লগতে কয় যে, পত্নী আৰু প্ৰেমিক দুয়োকে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু মৃত স্বামীজনে এটা গাৰমেন্ট কোম্পানীত কাম কৰিছিল। প্ৰায় ৯ বছৰ পূৰ্বে ছাহিদাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ। দুয়োৰে দুটি সন্তানো আছে। মহিলাগৰাকীয়ে সন্তান দুয়োকে এই সন্দৰ্ভত কোনো লোকক কোনা কথা নক'বলৈ ধমক দিছিল।