চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান 
মুখ্য-পৃষ্ঠা

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান,উদ্ধাৰ নগদ ধনসহ বহু আপত্তিজনক নথি-পত্র

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ সফলতা। জানিব পৰা মতে, অপৰাধী চক্রটোৰ পৰা আৰক্ষীয়ে ১০জনক গ্রেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইজন ক্ৰমে মুছফিকুল ৰহমান, ৰাজিবুল ইছলাম, বাহাৰাম বাদশ্বাহ ইশ্বাদুল ইছলাম, মহাদুজ হুছেইন, মতিউৰ ৰহমান, ৰফিকুল হুছেইন, ৰিবুল ইছলাম, ৰেকিবুদ্দিন আহমেদ আৰু ছামিনুদ্দিন আহমেদ।

উদ্ধাৰ নগদ ধনসহ বহু আপত্তিজনক নথি-পত্র

অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে অপৰাধী কেইজনৰ পৰা নগদ ২২ হাজাৰ টকা, ৪০০ ৰো অধিক ছীম কাৰ্ড দুটা লেপ-টপ, কেইবাটাও ছিল-মোহৰ, ২২টা ম’বাইল ফোন, বিভিন্ন বেংকৰ পাছবুক, পান কাৰ্ড, আধাৰ কাৰ্ড, হাৰ্ডডিক্সৰ লগতে বহু আপত্তিজনক নথি-পত্র উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি অপৰাধী চক্রটোৱে ভুৱা নথি-পত্র দি অনলাইনযোগে কোটি টকা আত্মসাৎ কৰিছিল।