ৰাজ্যত পুনৰ মৰেল পুলিচৰ দৌৰাত্ম্যঃ সংকটজনক অৱস্থাত চিকিৎসাধীন এজন... 
মুখ্য-পৃষ্ঠা

ৰাজ্যত পুনৰ মৰেল পুলিচৰ দৌৰাত্ম্যঃ সংকটজনক অৱস্থাত চিকিৎসাধীন এজন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচঙৰ ঘটনা। এইবাৰৰ স্থান ৰৌতা। দলবদ্ধ আক্ৰমণত গুৰুতৰ ভাৱে আহত হ'ল এজন যুৱক।

এই ঘটনাৰ বলি হোৱা যুৱকজন সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈগুলা গাঁৱত সোমবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা।

প্ৰেমৰ সম্পৰ্ক থকাৰ অপৰাধত ৰৌতাৰ পানীখাইতী গাঁৱৰ মুনছেৰ আলী নামৰ যুৱকজনক একাংশ লোকে মৰেল পুলিচগিৰী দেখুৱাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উঠিছে। দৈগুলা গাঁৱৰ এছাদ আলী, বাবু, মুক্তাৰ, ফকিৰ আদি লোকে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে।

আহত যুৱকজনক উদণ্ড লোকসকলে ৰৌতা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে থানালৈ পঠিয়াই দিয়ে। পিছত ৰৌতা থানাৰ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে পুনৰ ৰৌতাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ মঙলদৈলৈ লৈ যায়।

ইফালে ভুক্তভোগী পৰিয়ালৰ প্ৰশ্ন,যদি যুৱকজনে অপৰাধ কৰিছে তেন্তে আৰক্ষী তথা আইনৰ আশ্ৰয় লোৱাৰ পৰিবৰ্তে মৰেল পুলিচগিৰী দেখুৱাই নিজেই আইন হাতত তুলি লোৱাৰ অধিকাৰ এইসকলক কোনে দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ? এইক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিয়ালে দাবী জনাইছে।