সকলো অভিলেখ ভংগঃ মনোহাৰী গ'ল্ড টি প্ৰতি কেজি বিক্ৰী হ'ল ১ লাখ ১৫ হাজাৰ টকাত
সকলো অভিলেখ ভংগঃ মনোহাৰী গ'ল্ড টি প্ৰতি কেজি বিক্ৰী হ'ল ১ লাখ ১৫ হাজাৰ টকাত 
মুখ্য-পৃষ্ঠা

সকলো অভিলেখ ভংগঃ মনোহাৰী গ'ল্ড টি প্ৰতি কেজি বিক্ৰী হ'ল ১ লাখ ১৫ হাজাৰ টকাত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গল্ড টি প্ৰতি কিলোগ্ৰাম বিক্ৰী হ'ল ১ লাখ ১৫ হাজাৰ টকাত। হায়দৰাবাদৰ ক্লায়েণ্ট কেফে নিলোফাৰ টি ইনটেকৰ নিলাম প'ৰ্টেলৰ জৰিয়তে হোৱা নিলামত এই মূল্য লাভ কৰিছে ডিব্ৰুগড়ৰ মনোহাৰী গ'ল্ড টিয়ে।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০১৮ ৰ পৰা ২০২১ লৈ চাৰি বছৰে ধাৰাবাহিক ভাৱে মনোহাৰী গ'ল্ড টি ১ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখ্য যে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় টি ব'ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবেই সৰ্বোচ্চ ১ লাখ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল মনোহাৰী গ'ল্ড টি।

এইবাৰ ব্যক্তিগত নিলামত সেই সীমাবদ্ধতা নথকা হেতু পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰাম চাহ ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হয়। মনোহাৰী গল্ড টি বিশ্বৰে এক বিৰল জাতৰ চাহ।

এই চাহ চেকেণ্ড ফ্লাছৰ সময়ত, বহু উন্নত ক্লন পি-১২৬ ৰ সহায়ত তৈয়াৰ কৰা হয়।ইয়াৰ বাবে পুৱা ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰতেই পাত তুলি লোৱা হয়। ফলত এই চাহৰ সুকীয়া সুগন্ধী আৰু সোৱাদ সূৰ্যৰ তাপে পৰিৱৰ্তন কৰিব নোৱাৰে। মনোহাৰী গল্ড টিৰ বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও পৰিচিয় আছে।