ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী-চি আৰ পি এফৰ অভিযান
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী-চি আৰ পি এফৰ অভিযান 
মুখ্য-পৃষ্ঠা

মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী-চি আৰ পি এফৰ অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ঝাওডাঙ্গা এলেকাত শুকুৰবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত আৰক্ষী-চি আৰ পি এফে এক যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বৰ মানকাচৰ আৰক্ষী আৰু ৪৮ (এ ) বেটেলিয়ান চি আৰ পি এফ বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ঝাওডাঙ্গাত অভিযান চলায়। অভিযানত আৰক্ষীয়ে এখন নম্বৰ বিহীন মটৰ চাইকেল সহ ড্ৰাগছ সৰবৰাহকাৰী এজনক আটক কৰি তেওঁৰ পৰা ৮০০০ যুৱা নামৰ নিচাযুক্ত টেবলেট, দুটা মোবাইল ফোন জব্দ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি টেবটেলখিনিৰ মূল্য আনুমানিক ২.৫ লাখ টকা হ'ব। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক জেৰা চলাই গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ ব্যৱসায়ীটোক ঝাওডাঙ্গা গাঁৱৰ ছাবেদ আলীৰ পুত্ৰ মহিবৰ ৰহমান (৩৮) বুলি চিনাক্ত কৰিছে।

আনহাতে আৰক্ষী সূত্ৰে জানিব দিয়া মতে নিচাযুক্ত টেবলেটখিনি বাংলাদেশত সৰবৰাহ কৰিবলৈ এইদৰে ড্ৰাগছ ব্যৱসায়ী জনে লৈ আহিছিল বুলি উল্লেখ কৰে।

আৰু পঢ়কঃ নগাঁও চহৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা...