manish sisodia
manish sisodia  
মুখ্য-পৃষ্ঠা

হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

Asomiya Pratidin

ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰত সকাহ পোৱা নাই। ছিচোদিয়াই মানহানিৰ গোচৰটো খাৰিজ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই আবেদন শুনানি প্ৰদান নকাৰৰ সিদ্ধান্ত লয় ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে আৱেদনখন প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে সোমবাৰে মানহানিৰ গোচৰ বাতিল কৰিবলৈ কৰা আবেদন খাৰিজ কৰে।

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিছোদিয়াৰ বিৰুদ্ধে মান হানিৰ গোচৰ ৰুজু কৰিছিল। এখন সংবাদমেলৰ সময়ত, চিছোদিয়াই হিমন্তৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে কোভিড-১৯ মহামাৰীৰ সময়ত শৰ্মাই পত্নীৰ ফাৰ্মৰ পৰা ব্যয়বহুল মূল্যত ৰাজ্যখনৰ বাবে পিপিই কিট ক্ৰয় কৰিছিল।

এই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চিছোদিয়াই গুৱাহাটী উচ্চতম ন্যায়ালয়ত কৰা আবেদন ইতিমধ্যে খাৰিজ হৈছে। তাৰ পাছতেই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ছিচোদিয়াই।

আৰু পঢ়ক: নামৰূপত ভয়ংকৰ ঘটনা! শিলৰ কোঁৱেৰীৰ ক্ৰাচাৰ মেছিনত সোমাল ৩ গৰাকী মহিলা