ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান
ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান 
মুখ্য-পৃষ্ঠা

ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মন কি বাত অনুষ্ঠানত ৰাইজৰ মতামত বিচাৰি বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ শেষৰ খণ্ডটিত ৰাইজৰ মতামত দাঙি ধৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিশেষ বাৰ্তা সমাজিক মাধ্যমত প্ৰকাশ কৰে। আনহাতে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাত হ'বলগীয়া মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ৰাইজক নমো এপ আৰু মাইগভ এপৰ দ্বাৰা তেওঁলোকৰৰ মতামতসমূহ লিপিবদ্ধ কৰিবলৈ আহ্বান জনায়।

অন্যহাতে ৰাইজৰ মতামতসমূহ ১৮০০-১১-৭৮০০ নম্বৰত প্ৰেৰণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।