মুখ্য-পৃষ্ঠা

২৭ এপ্ৰিলত অসমলৈ আহিব মল্লিকাৰ্জুন খাৰ্গে

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে অহা ২৭ এপ্ৰিল, শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হ'ব। বিশেষ বিমানযোগে দিনৰ ১১-৩০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী।

অসম প্ৰদেশ কংগ্ৰেছৰ বিভাগীয় সূত্ৰই জনোৱা অনুসৰি ইয়াৰ পিছতে খাৰ্গেই মহানগৰীৰ কিৰণশ্ৰী হোটেলত দিনৰ ১২ বজাৰ পৰা ১ বজালৈ এখন সংবাদমেল সম্বোধন কৰিব। সংবাদমেল শেষ কৰি দিনৰ ২ বজাত হেলিকপ্টাৰযোগে বৰপেটালৈ ৰাওনা হ'ব আৰু তাতে এখন নিৰ্বাচনী সভা সম্বোধন কৰিব।

পুনৰ বিয়লি ৪ বজাত গুৱাহাটীলৈ আহি বিশেষ বিমানযোগে ৰাষ্ট্ৰীয় অধ্যক্ষ খাৰ্গে দিল্লীলৈ উৰা মাৰিব বুলি জানিবলৈ দিয়ে।