মুখ্য-পৃষ্ঠা

বিশাখাপট্টনমৰ এইচপিচিএল প্লান্টত অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেডৰ প্লান্টত মঙলবাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সমগ্ৰ এলেকাটোত ধোঁৱাই ছানি ধৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জুই নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখনকৈ গাড়ী উক্ত স্থানত উপস্থিত হয়।

জানিব পৰা মতে, বৰ্তমানলৈ জুই নিৰ্বাপন কৰা হৈছে যদিও ধোঁৱা এতিয়াও এলেকাটোৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰা নাই। ডিভিজনেল কমিছনাৰ অৱ পুলিচ ঐশ্বৰ্য্য ৰস্তোগীয়ে এই সন্দৰ্ভত কয়- 'এইচপিচিএলৰ ৩ নং ইউনিটৰ প্লান্টত প্রথমে বিস্ফোৰণ সংঘটিত হোৱাৰ দৰে শব্দ শুনিবলৈ পোৱা হৈছিল। তাৰপাছতে অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ী তাত উপস্থিত হয়।'

উল্লেখযোগ্য যে, বৰ্তমানলৈ এইচপিচিএলত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। আৰু এতিয়ালৈকে কোনো লোক এই অগ্নিকাণ্ডত হতাহত হোৱা নাই।