গুৱাহাটীলৈ আনিলে বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক
গুৱাহাটীলৈ আনিলে বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক 
মুখ্য-পৃষ্ঠা

বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক আনিলে গুৱাহাটীলৈ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জি এম চিৰ বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক বিহাৰৰ পৰা দেওবাৰে অনা হ'ল গুৱাহাটীলৈ। শুকুৰবাৰে বিহাৰত মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ঠিকাদাৰগৰাকীক।

উল্লেখ্য যে, শনিবাৰে বিহাৰৰ আদালতৰ পৰা ট্রেনজিৎ ৰিমাণ্ডত লৈছে মিঠু আগৰৱালক। আনহাতে দেওবাৰে গুৱাহাটীত বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক মুখ্যমন্ত্রী ভিজিলেঞ্চৰ কাৰ্যালয়ত হাজিৰ কৰায়।