ডাঙৰ খবৰঃ মহেন্দ্ৰ সিং ধোনি আকৌ ঘূৰি আহিব ভাৰতীয় ক্ৰিকেটলৈ !
ডাঙৰ খবৰঃ মহেন্দ্ৰ সিং ধোনি আকৌ ঘূৰি আহিব ভাৰতীয় ক্ৰিকেটলৈ ! 
মুখ্য-পৃষ্ঠা

ডাঙৰ খবৰঃ মহেন্দ্ৰ সিং ধোনি আকৌ ঘূৰি আহিব ভাৰতীয় ক্ৰিকেটলৈ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত চূড়ান্ত ৰূপত ব্যৰ্থ হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা ভাৰতীয় ক্ৰিকেট দলটোকলৈ চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড। কিয়নো সন্মুখত আছে এদিনীয়া বিশ্বকাপ।

ভাৰতৰ মাটিত ২০২৩ ত অনুষ্ঠিত হ'ব বিশ্বকাপ প্ৰতিযোগিতাখন। ইয়াৰোপৰি টি-২০ ত ভাৰতীয় দলটোক অধিক শক্তিশালী কৰি তুলিবলৈও বি চি চি আইয়ে প্ৰচেষ্টা হাতত লৈছে।

সেই প্ৰচেষ্টাৰ অংশ হিচাপেই এইবাৰ বি চি চি আই কাষ চাপিছে ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ। বি চি চি আইয়ে ধোনিৰ মাজতেই বিচাৰি পাইছে ভাৰতীয় ক্ৰিকেট দলটোৰ ভৱিষ্যতৰ সফলতা।

সেয়েহে ধোনিক ভাৰতীয় দলটোৰ গুৰু দায়িত্ব দিবলৈ চিন্তা চৰ্চা কৰা বুলিও খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি কেপ্টেইন কুল ধোনিক টি-২০ দলটোৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ মন মেলিছে বি চি চি আইয়ে।

বি চি চি আইৰ পৰিকল্পনা ধোনি নিৰ্দিষ্ট এক সময়ৰ বাবে নহয়, স্থায়ী ভাৱে এই দলটোৰ সঞ্চালক পদত থাকক। যদি সেয়াই হয়, তেন্তে এয়া হ'ব ধোনিৰ অনুৰাগীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ।

কিয়নো ধোনি সকলো সময়তে থাকিব ভাৰতীয় দলটোৰ লগত। বি চি চি আইয়ে অনুভৱ কৰিছে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে তিনিওটা ফৰ্মেটৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ গৈ বিপদত পৰিছে।

একেই অনুভৱ ব্যক্ত কৰিছিল দুবাৰৰ বিশ্বকাপ বিজয়ী তাৰকা স্পীনাৰ হৰভজন সিঙেও। হৰভজন সিঙে এই সন্দৰ্ভত মুকলিকৈয়ে মন্তব্য কৰিছিল। সেয়ে বি চি চি আইয়ে ধোনিক লৈ এই পৰিকল্পনা কৰিছে।

উল্লেখ্য যে, টি-২০ বিশ্বকাপকৰ উদ্বোধনী ছিজনত ধোনিৰ নেতৃত্বতে ভাৰতীয় দলটো চেম্পিয়ন হৈছিল। আই পি এলটো ধোনিৰ সফলতা ঈৰ্ষণীয়। ভাৰতীয় দলটোৰ বৰ্তমানৰ বহু খেলুৱৈয়ে ধোনিৰ লগত একেলগে খেলপথাৰ খেলাৰ অভিজ্ঞতাও সঞ্চয় কৰিছে।

ধোনিয়ে জানে এইসকল ক্ৰিকেটাৰৰ সক্ষমতা সম্পৰ্কে। কাক, ক'ত, কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া ধোনিতকৈ বেছি আৰু কোনে জানে? অৱশ্যে এই বিষয়ত এই পৰ্যন্ত বি চি চি আই অথবা ধোনিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। বি চি চি আইৰ আগন্তুক এপেক্স কাউঞ্চিলৰ বৈঠকতে এই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা।