মুখ্য-পৃষ্ঠা

একমাত্ৰ পুত্ৰৰ মুখখন চাবলৈ অত্যন্ত হেঁপাহঃ লুইতৰ পাৰত এগৰাকী পিতৃৰ হিয়া ভঙা কান্দোন…

asomiyapratidin

একমাত্ৰ পুত্ৰৰ মুখখন চাবলৈ অত্যন্ত হেঁপাহঃ লুইতৰ পাৰত এগৰাকী পিতৃৰ হিয়া ভঙা কান্দোন…

ডিজিটেল সংবাদ শিমলুগুৰিঃ এগৰাকী পিতৃৰ লুইতৰ পাৰত হিয়া ভঙা কান্দোন। একমাত্ৰ পুত্ৰৰ মুখখন চাবলৈ তেওঁৰ অত্যন্ত হেঁপাহ। বিগত ৪৮ ঘণ্টা ধৰি লুইতৰ বুকুত সন্ধানহীন হৈ আছে এই দুৰ্ভগীয়া পিতৃজনৰ একমাত্ৰ পুত্ৰ সন্তান। ঘটনা অনুসৰি বিগত ৪৮ ঘণ্টা ধৰি লুইতৰ বুকুত সন্ধানহীন হৈ আছে লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ ধলপুৰ সমীপৱৰ্তী বনপুৰৈ জামুগুৰিৰ শ্ৰমিক প্ৰদীপ হাজৰিকা নামৰ ২২ বছৰীয়া যুৱক গৰাকী।

বিগত তিনিদন ধৰি বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীৰ এটা দলে ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱকগৰাকীৰ সন্ধান চলাই আছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন প্ৰদীপ হাজৰিকাৰ পিতৃ নগেন হাজৰিকাই কান্দোনত ভাঙি পৰে আৰু পুত্ৰৰ সন্ধান উলিয়াবলৈ অসম চৰকাৰক কাতৰ অনুৰোধ জনাই।

দুৰ্ভগীয়া পিতৃ গৰাকীৰ একমাত্ৰ শ্ৰমিক পুত্ৰ সন্তানগৰাকী এইদৰে লুইতৰ বুকুত সন্ধানহীন হৈ থকাত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ১ লাখ টকা বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ৫০ হাজাৰ টকা আৰু শিমলুগুৰি জিলা পৰিষদৰ সদস্যা দিপালী বনিয়াইয়ো কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে। ইয়াৰ উপৰিও দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত চৰকাৰ উপস্থিত আছে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে স্থানীয় জনপ্ৰতিনিধি ড০ অমিয় ভূঞাই।